• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰিছ জনছনৰ বিস্ফোৰণ! মিনিটৰ ভিতৰতে মিছাইল আক্ৰমণেৰে হত্যাৰ ভাবুকি দিছিল পুটিনে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 10:54 am
Boris Johnson Putin
141
VIEWS
Share on FacebookShare on Twitter

চলিত ৰুছ-ইউক্ৰেইন যুদ্ধ প্ৰায় এটা বছৰ সম্পূৰ্ণ কৰাৰ দিশত। যোৱা বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই যুদ্ধক লৈ এতিয়াও শংকিত বিশ্ব ৰাজনীতি। পিছে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পূৰ্বে আন এক অকল্পনীয় সংহাৰ হয়তো দেখিলেহেঁতেন বিশ্বই। ৰুছ-ইউক্ৰেইন যুদ্ধৰ ঠিক পূৰ্বে ব্ৰিটেইনৰ তদানীন্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে লাভ কৰিছিল হত্যাৰ ভাবুকি।

মিছাইল আক্ৰমণেৰে হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। ফোনযোগে জনছনক ভাবুকি দিয়া হৈছিল, “বৰিছ, মই আপোনাক আঘাত দিব নিবিচাৰোঁ, কিন্তু মিছাইলৰ সহায়ত মাত্ৰ এক মিনিটৰহে প্ৰয়োজন হ’ব।” ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীক এই ভাবুকি দিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে!

শেহতীয়াকৈ জনছনে কৰিছে এই চাঞ্চল্যকৰ দাবী। জনছনৰ দাবী মতে, ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়ান বাহিনীক ইউক্ৰেইনত প্ৰৱেশৰ নিৰ্দেশ দিয়াৰ ঠিক পূৰ্বেই ব্যক্তিগতভাৱে বৰিছ জনছনক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ভাবুকি দিছিল।

আজি সম্প্ৰচাৰ হ’বলগীয়া বিবিচিৰ নতুন তথ্যচিত্ৰ অনুসৰি ২৪ ফেব্ৰুৱাৰীত আক্ৰমণৰ ঠিক আগতেই ফোন কলত এই আপাত ভাবুকি লাভ কৰিছিল তদানীন্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পুটিনৰ উদ্ধৃতি দি জনছনে কয় যে তেওঁ মোক এটা সময়ত একপ্ৰকাৰ ভাবুকি দিছিল আৰু কৈছিল, “বৰিছ, মই আপোনাক আঘাত দিব নিবিচাৰোঁ, কিন্তু মিছাইলৰ সহায়ত মাত্ৰ এক মিনিটৰহে প্ৰয়োজন হ’ব।”

উল্লেখ্য যে, ৰুছ আক্ৰমণৰ প্ৰাৰম্ভিক সময়ছোৱাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ অন্যতম পশ্চিমীয়া সমৰ্থক হিচাপে সমৰ্থন আগবঢ়াইছিল বৰিছ জনছনে।

জনছনৰ মতে, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পূৰ্বে তেওঁ পুটিনক ইউক্ৰেইনৰ নাটোত যোগদানৰ কোনো আগতীয়া সম্ভাৱনা নাই বুলি জনাবলৈ ইতস্তত: কৰিছিল। কিন্তু একে সময়তে আক্ৰমণৰ ফলস্বৰূপে ৰাছিয়াৰ সীমান্তত নাটোৰ উপস্থিতিৰ বিষয়ে পুটিনক তেওঁ সকীয়াই দিছিল।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd