কৰ’নাৰ সংহাৰ: চীনক অতিক্ৰমি বিশ্বৰ ১১ নম্বৰ স্থানলৈ ভাৰত; আক্ৰান্তৰ সংখ্যা ৮৫হাজাৰলৈ বৃদ্ধি

KZv7vbKHT3PpABq64vnGcT-320-80

প্ৰতিনিধিত্বমূলক ছবি

কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাৰ দিশতে ভাৰতে চীনক অতিক্ৰম কৰিলে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা পৰ্যন্ত ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ৮৫হাজাৰ ২১৫জনলৈ বৃদ্ধি পাইছে।

সেইদৰে, আক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান ১১ নম্বৰলৈ উঠিল।

এইক্ষেত্ৰত কৰ’নাৰ উৎপত্তি কেন্দ্ৰ হিচাপে পৰিচিত চীন আছে ১২ নম্বৰ স্থানত।

যোৱা বছৰেই চীনৰ উহান চহৰত প্ৰথমবাৰৰ বাবে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কথা পোহৰলৈ আহিছিল।

তাৰ পৰাই এই মাৰাত্মক ভাইৰাছ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।

অৱশ্যে, চীনৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ বহুত কম। চীনত কৰ’নাত মৃত্যুৰ হাৰ ৫.৫ শতাংশ হোৱাৰ বিপৰীতে ভাৰতত এই হাৰ হৈছে ৩.২ শতাংশ।

তাৎপৰ্যপূৰ্ণভাৱে ভাৰতত এতিয়ালৈকে ২৭হাজাৰতকৈয়ো অধিক লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

আনহাতে, কৰ’না ভাইৰাছৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত দেশখন হৈছে আমেৰিকা। দেশখনত মুঠ ১৪,৬২,০২০জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

সেইদৰে আমেৰিকাত এতিয়ালৈকে ৮৭,০৮৫জন লোকৰ কৰ’না ভাইৰাছৰ ফলত মৃত্যু হৈছে।

ভাৰতত এতিয়ালৈকে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ২,৭৫৩জন লোকৰ মৃত্যু হৈছে।