চাৰি বছৰীয়া সন্তানৰ সৈতে ১৭ মহলাৰ পৰা জঁপিয়াই আত্মহ্ত্যা এগৰাকী মহিলাৰ!

whatsapp-image-2020-08-09-at-24041-pm-1596965459

এটা আট্টালিকাৰ ১৭ মহলাৰ পৰা জঁপিয়াই চাৰি বছৰীয়া সন্তানৰ সৈতে আত্মহত্যা কৰিছে ২৮ বছৰীয়া এগৰাকী মহিলাই।

এই কৰুণ ঘটনাটো সংঘটিত হৈছে গ্ৰেটাৰ নয়ডাত।

চেন্ট্ৰেল নয়ডাৰ আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি শনিবাৰে(আজি) পুৱা সংঘটিত হৈছে এই কৰুণ ঘটনাটো। মহিলা গৰাকীৰ স্বামীয়ে নিজৰ গৃহ চহৰ চম্বললৈ বুলি ওলাই যোৱাৰ পিছত সংঘটিত হয় এই ঘটনাটো।

ঘটনাটো সংঘটিত হোৱাৰ পিছত পুৱা ৯ মান বজাত এপাৰ্টমেন্টৰ চ’ছাইটিয়ে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰে। লগে  লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

“আৰক্ষীৰ এটা দল ততাতৈয়াকৈ গৈ ঘটনাস্থলীত উপস্থিত হয়। অতি সংকটজনক অৱস্থাত সন্তানৰ সৈতে মাতৃক উদ্ধাৰ কৰি এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।” চেন্ট্ৰল নয়ডাৰ আৰক্ষী উপ আয়ুক্ত হৰিশ চান্দাৰে কয়।

ইফালে আৰক্ষী দলটোৱে ঘটনাটো সংঘটিত হোৱাৰ পিছত উক্ত ফ্লেটটো পৰিদৰ্শন কৰি মৃত মহিলা গৰাকীৰ ননদক মুখমণ্ডল অগ্নিদগ্ধ অৱস্থাত আৱিষ্কাৰ কৰে।

“স্বামীৰ ভগ্নী গৰাকীৰ মুখমণ্ডলত অগ্নিদগ্ধ হোৱাৰ চিহ্ন স্পষ্ট হৈ আছে। ননদৰ সৈতে মহিলা গৰাকীৰ বিভিন্ন বিষয়ত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু মহিলা গৰাকীয়ে পুত্ৰৰ সৈতে ওপৰৰ পৰা জঁপিয়াই আত্মহ্যতা কৰে।” আৰক্ষী উপ আয়ুক্ত গৰাকীয়ে লগতে কয়।

ননদ গৰাকী এখন ব্যক্তিখণ্ডৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁ ভাৰাঘৰত থাকে বুলি জানিব পৰা গৈছে। যুৱতী গৰাকীয়ে গ্ৰেটাৰ নয়ডাৰ ভাতৃৰ গৃহত ফুৰিবলৈ অহা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

তেতিয়াই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটা বুলি আৰক্ষীয়ে ব্যক্ত কৰিছে। ইফালে মুখমণ্ডলত অগ্নিদগ্ধ যুৱতী গৰাকীক চিকিৎসাৰ বাবে আৰক্ষীয়ে এখন ব্যক্তিখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

মহিলা গৰাকীৰ স্বামী বৰ্তমান চম্বলৰ পৰা নয়ডালৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

“ঘটনাৰ সন্দৰ্ভত স্বামী গৰাকীক আমি সোধ পোচ কৰিম। আমি ঘটনাটোক বিভিন্ন এঙ্গলৰ পৰাই তদন্ত আৰম্ভ কৰিম।” আৰক্ষী বিষয়া গৰাকীয়ে কয়।