সৰুপেটাত তিনি বছৰীয়া পুত্ৰ সন্তানক লগত লৈ পুখুৰীত জাপি দি আত্মহত্যা মহিলাৰ

WhatsApp Image 2021-09-03 at 4.54.47 PM

বজালী জিলাৰ অন্তৰ্গত সৰুপেটাত নিজৰ তিনি বছৰীয়া সন্তানক লগত লৈ পুখুৰীত জাপ দি আত্মহত্যা কৰাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।

মৃত মহিলাগৰাকীক মহাদেব বৰ্মনৰ পত্নী মালবিকা ডেকা(৩০) বুলি চিনাক্ত কৰা হৈছে। মহাদেব বৰ্মন উত্তৰাখণ্ডত আইটিবিপিৰ কনিষ্টবল হিচাপে নিযুক্ত হৈ আছে।

বজালী জিলাৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীপাৰ অঞ্চলত নিজৰ ৩বছৰীয়া পুত্ৰ সন্তানক লগত লৈ মহিলাগৰাকীয়ে এটা ৰাজহুৱা পুখুৰীত জাপ দিয়ে।

বৃহস্পতিবাৰে নিশা SDRF য়ে পুখুৰীটোৰ পৰা মাতৃ-পুত্ৰ মৃতদেহ উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে পৰিয়ালকেন্দ্ৰিক বিষয় লৈ স্বামী মহাদেবৰ সৈতে এক কাজিয়াৰ পাছতে মহিলাগৰাকীয়ে আত্মহত্যা কৰে।

ইপিনে, মহিলাগৰাকীৰ পৰিয়ালে তেওঁৰ স্বামী মহাদেবৰ বিৰুদ্ধে সৰুপেটা আৰ৭ঈ চকীত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে এই ঘটনাৰ পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে।