“মোৰ দেউতাই ৩০ বছৰত ৭০ টা হত্যাকাণ্ড সংঘটিত কৰিছে ” – কন্যাৰ স্বীকাৰোক্তি

লুচীয়ে জনোৱা মতে লুচী আৰু তেওঁৰ ভাতৃ-ভগ্নীয়ে তেওঁলোকৰ পিতৃয়ে হত্যা কৰা কেইবাজনো মৃত ব্যক্তিক সমাধিস্থ কৰাতো সহায় কৰিছিল। লুচীৰ ভাষ্য মতে তেঁওলোকৰ পিতৃয়ে হত্যা কৰা মৃতদেহবোৰ পুতি থ’বলৈ তেওঁলোকক জোৰকৈ লৈ যায়।

“মোৰ দেউতাই ৩০ বছৰত ৭০ টা হত্যা কাণ্ড সংঘটিত কৰিছে” – এইদৰে নিজৰ পিতৃৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত নিজেই মুখ খুলিছে এগৰাকী মহিলাই। ইতিমধ্যে আমেৰিকাৰ মূলসূঁতিৰ সাংবাদ মাধ্যম ‘নিউজ উইক’ কে ধৰি ভালেমানে সংবাদ মাধ্যমত প্ৰকাশ হৈছে এই খবৰ।

এই আমেৰিকান মহিলাগৰাকীৰ নাম হৈছে লুচী ষ্টুডি। লুচীৰ পিতৃৰ নাম হৈছে ড’নাল্ড ডিন ষ্টুডি। লুচীয়ে জনোৱা মতে লুচী আৰু তেওঁৰ ভাতৃ-ভগ্নীয়ে তেওঁলোকৰ পিতৃয়ে হত্যা কৰা কেইবাজনো মৃত ব্যক্তিক সমাধিস্থ কৰাতো সহায় কৰিছিল।

লুচীৰ ভাষ্য মতে তেঁওলোকৰ পিতৃয়ে হত্যা কৰা মৃতদেহবোৰ পুতি থ’বলৈ তেওঁলোকক জোৰকৈ লৈ যায়। এখন ঠেলা গাড়ীৰ সহায়ত মৃতদেহবোৰ সমাধিস্থ কৰিবলৈ কেতিয়াবা কোনোবা বিশেষ খাল বা পাহাৰৰ ওপৰলৈ লৈ যায় পিতৃ ড’নাল্ড ডিন ষ্টুডিয়ে।

ড’নাল্ডে মৃতদেহবোৰ গাঁতত ভৰাই তাত বিশেষ ক্ষাৰক পদাৰ্থ ছটিয়াই আৰু তাৰ ওপৰত আৱৰ্জনাৰ দম জাপি দিয়ে।  লুচীৰ মতে তেওঁৰ দেউতাক এজন ছিৰিয়েল কিলাৰ আছিল। প্ৰত্যেকটো হত্যাৰ চিন স্বৰূপে দেউতাকে এটাকৈ সোণৰ দাঁত লগত ৰাখিছিল।

লুচীৰ এই দাবীৰ সত্যতা প্ৰমাণিত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আমেৰিকাৰ বিভাগীয় তদন্তকাৰী কৰ্তৃপক্ষই। ইতিমধ্য লুচীয়ে কোৱা মতে এটি খালত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায়ত এটা মৃতদেহৰ অৱশিষ্টও উদ্ধাৰ কৰা হৈছে যদিও বাকী কোনো মৃতদেহৰ অৱস্থিতি উদ্ধাৰ হোৱা নাই। অৱশ্যে তদন্তকাৰী বিষয়াই সেই স্থান এক বৃ্হৎ সমাধিস্থল বুলি ঠাৱৰ কৰিছে।

২০১৩ চনত ৭৫ বছৰ বয়সত লুচী ষ্টুডিৰ পিতৃ ড’নাল্ডৰ মৃত্যু হয়। যদিহে লুচীয়ে বৰ্ণনা কৰা এই ঘটনা সঁচা প্ৰমাণিত হয় আৰু ড’নাল্ড দোষী সাব্যস্ত হয় তেনেহ’লে ড’নাল্ড ডিন ষ্টুডি পৰিণত হ’ব আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত ছিৰিয়েল কিলাৰ হিচাপে।

ইয়াৰ পূৰ্বে দেশখনৰ দুজন কুখ্যাত ছিৰিয়েল কিলাৰ আছিল কেনিবেল জেফ্ৰি আৰু টেড বাণ্ডী। ধৰা পৰাৰ পূৰ্বে কেনিবেল জেফ্ৰিয়ে ১৭ জন লোকক আৰু টেডে ৩৬ জন লোকক হত্যা কৰিছিল।

লুচীৰ মতে তেওঁৰ পিতৃয়ে হত্যা কৰা অধিকাংশই হৈছে মহিলা। এই মহিলা সকলৰ অধিকাংশই আছিল যৌনকৰ্মী আৰু দৰিদ্ৰ নাৰী। সংস্থাপন বা আন বিভিন্ন প্ৰলোভন দি এই মহিলাসকলক লগত লৈ অনা হৈছিল । লুচীয়ে বিচাৰিছে যে সমাধিবোৰ ভালকৈ খনন কৰা হওঁক আৰু সঁচাবোৰ পোহৰলৈ ওলাই আহক।