তিনিচুকীয়াৰ জাগুনত চিপ লৈ যুৱতীৰ আত্মহত্যা

suicide 1

প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকী অন্তৰ্গত দহ মাইল বিষ্ণপুৰত শুকুৰবাৰে সন্ধ্যা এগৰাকী যুৱতীয়ে চিপজৰি লগাই আত্মহত্য কৰাৰ ঘটনা পোহৰলৈ আহিছে।

ল’কডাউনৰ মাজতে ঘটা উক্ত ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ মতে জাগুন দহ মাইল বিষ্ণপুৰৰ নিবাসী চানতিচ বদ্ৰাৰ কণ্য ৰাহিল বদ্ৰাই (২২-এ  শুকুৰবাৰে সন্ধ্যা ভাগত   নিজ গৃহতে চিপজৰি লৈ আত্মহত্যা কৰে।

উক্ত ঘটনাৰ খবৰ পাই জাগুন আৰক্ষী  ঘটনাস্থলিত উপস্থিত হৈ  মৃতদেহটো লেখাপানী আৰক্ষী থানালৈ আনি পিছত মৰণোত্তৰ পৰিক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে যদিও যুৱতী গৰাকীয়ে হঠাৎ কি কাৰণত আত্মহত্যৰ পথ বাচি ললে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।