মহিলা দলৰ অত্যাচাৰ সহিব নোৱাৰি ২০ বছৰীয়া বিবাহিত মহিলাৰ আত্মহত্যা

suicide

প্ৰতিনিধিত্বমূলক চিত্ৰ

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মুৰাকটি গাঁৱত মঙলবাৰে এগৰাকী বিবাহিত মহিলাই আত্মহত্যা কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

একাংশ স্থানীয় লোকে জানিব দিয়া অনুসৰি অঞ্চলটোৰ এটা মহিলা দলে চলোৱা অত্যাচাৰ সহিব নোৱাৰিয়েই বিবাহিত মহিলা গৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাচি ল’বলৈ বাধ্য হয়।

আত্মহত্যা কৰা মহিলা গৰাকী ৰাধিকা সৰকাৰ আৰু তেওঁৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে।

মহিলা গৰাকীৰ স্বামীয়ে জনোৱা অনুসৰি পিংকু সৰকাৰ নামৰ এজন লোকৰ সৈতে স্থানীয় একাংশ মহিলাই সোমবাৰে নিশা তেওঁৰ ঘৰত প্ৰৱেশ কৰি পত্নীক বিভিন্ন ভাবুকি প্ৰদান কৰাৰ লগতে পিংকু নামৰ লোকজনে হত্যাৰো চেষ্টা চলায়।

ইমানতে ক্ষান্ত নাথাকি মঙলবাৰে পুনৰ পিংকু সৰকাৰৰ পত্নী সহিতে মহিলাৰ দলটোৱে পুনৰ ৰাধিকা সৰকাৰৰ ঘৰলৈ গৈ অত্যাচাৰৰ লগতে বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰে।

ইফালে এনে ঘটনা পোহৰলৈ অহাত বিভিন্নজনে এই ঘটনাক মৰেল পুলিচিঙৰ ঘটনা বুলি অভিহিত কৰিছে।

‘স্বামী মিথুন সৰকাৰৰ অভিযোগৰ ভিত্তিত মাজবাট আৰক্ষীয়ে পিংকু সৰকাৰৰ লগতে আঠগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে’। মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰ্মনে জনায়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা কেই গৰাকী হৈছে মইনা নায়ক, অনিন্দিতা সৰকাৰ, ৰেখা স্বৰ্গীয়াৰী, ৰঞ্জনা দাস ৰাভা, অনিতা ভূজে, ৰাধিকা চৌহান, জেনিছা সৰকাৰ আৰু সুমিতা চৌহান।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই থকা বুলি জানিবলৈ দিয়ে।