শিহৰণকাৰী! অন্য যুৱতীৰে প্ৰেমৰ সন্দেহত প্ৰেমিকৰ পুৰুষাংগ কাটি পেলালে এগৰাকী মহিলাই, ক’ত?

পৰকীয়া প্ৰেমৰ সন্দেহৰ ফলত একোখন সংসাৰ ভাগি যোৱাটো সকলোৱে শুনিছে।

কিন্তু টাইৱানৰ ছাংউয়া প্ৰদেশত যিটো ঘটনা সংঘটিত হৈছে, সেয়া শুনিলে আপোনাৰ নোম ডাল ডাল হৈ যাব।

অন্য যুৱতীৰ স’তে প্ৰেমত নিমজ্জিত বাবে এগৰাকী মহিলাই নিজৰ প্ৰেমিকৰ পুৰুষাংগ কাটি বাথৰুমত পেলাই দিয়ে।

ছাংউয়া প্ৰদেশৰ জিহু টাউনশ্বিপত সংঘটিত হোৱা ঘটনাটোৱে যোৱা কিছুদিন ধৰি আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনামা দখল কৰিছে।

বাতৰি অনুযায়ী, হুয়াং নামৰ এজন ৫২ বছৰীয়া লোকে দহ মাহ পূৰ্বে ফুং নামৰ এগৰাকী ৪০ বছৰীয়া মহিলাৰ স’তে প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হয়।

তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ পূৰ্বে দুয়োগৰাকীৰে ইতিমধ্যে বিবাহ বিচ্ছেদ হৈ গৈছে।

হুয়াং নামৰ লোকজন তিনিটা সন্তানৰ পিতৃও।

দুয়ো একলগে বাস কৰিবলৈ আৰম্ভ কৰে।

কিন্তু কেইদিনমানৰ পাছত মহিলাগৰাকীৰ সন্দেহ হয় যে তেওঁৰ বয়ফ্ৰেণ্ড আন এগৰাকী যুৱতীৰ স’থে প্ৰেমত নিমজ্জিত।

বহুদিন ধৰি তেওঁ বয়ফ্ৰেণ্ডৰ উপৰত কাঢ়া নজৰ ৰাখিবলৈ ধৰে।

ঘটনাটো সংঘটিত হোৱাৰ দিনা সচৰাচৰভাৱেই ৰাতিৰ খাদ্য খায় লোকজন শুই যায়।

কিন্তু মাজৰাতি হঠাৎ সাৰ পায় দেখে যে মহিলাগৰাকীয়ে ৰান্ধনীঘৰৰ পৰা এখন ছুৰি আনি তাৰ পুৰুষাংগটো কাটি পেলায়।

পুৰুষাংগৰ প্ৰায় ০.৫৯ ইঞ্চি কাটি পেলাবলৈ সক্ষম হয় তেওঁ।

যিহেতু কটা অংশটুকুৰা জোৰা লগাব নোৱাৰি, সেয়ে কটা অংশটুকুৰাক মহিলগৰাকীয়ে বাথৰুমৰ কুমুদত পেলাই ফ্লেছ কৰি দিয়ে।

তাৰপাছত আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীয়ে লোকজনক চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসকলে ৰক্তক্ষৰণ বন্ধ কৰিবলৈ দ্ৰুতভাৱে অস্ত্ৰোপচাৰ কৰে।

বৰ্তমান লোকজন পূৰ্বতকৈ সুস্থ অৱস্থাত আছে।

তেওঁক খোৱা বোৱাৰো অনুমতি চিকিৎসকসকলে প্ৰদান কৰিছে।

কিন্তু অনাগত দিনত তেওঁ যৌনসংগম কৰিব নোৱাৰিব বুলি চিকিৎসকসকলে জানিবলৈ দিছে।

যদি যৌনসংগম কৰিব বিচাৰে, তেন্তে কৃত্ৰিম উপায় অৱলম্বন কৰিব লাগিব।

আনহাতে, মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰিছে।

ঘটনাটোক কেন্দ্ৰ কৰি বহুলোকে চাঞ্চল্য প্ৰকাশ কৰিছে।