চলন্ত ৰে’লৰ দুৱাৰৰ পৰা ঠেলা মাৰি পত্নীক হত্যা : স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

0223_637299967537965763

২৬ বছৰীয়া নিজ পত্নীক চলন্ত ৰে’লৰ দুৱাৰ মুখৰপৰা গতা মাৰি পেলাই হত্যা কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাটো সংঘটিত হৈছে মুম্বাই লোকেল ট্ৰেইনত।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে যোৱা সোমবাৰে মুম্বাইৰ লোকেল ট্ৰেইনৰ চেম্বুৰ আৰু গোভান্দি ষ্টেশ্যনৰ মাজত সংঘটিত হৈছে উক্ত ঘটনাটো।

মাত্ৰ দুমাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা দম্পতিহালে লোকেল ট্ৰেইনেৰে যাত্ৰা কৰি থকাৰ সময়তে দুৱাৰ মুখত কিবা কথা কটাকটিত লিপ্ত হৈছিল আৰু স্বামীয়ে তেনেতে ট্ৰেইনৰ পৰা পত্নীক ঠেলা মাৰি পেলায় দিয়ে।

ইফালে ঘটনাটো এগৰাকী যাত্ৰীয়ে প্ৰত্যক্ষ কৰি আহিছিল। ট্ৰেইনখন গোভান্দি ষ্টেশ্যনত ৰখোৱাৰ লগে লগে প্ৰত্যক্ষদৰ্শী যাত্ৰীগৰাকীয়ে ৰে’লৱে আৰক্ষীক ঘটনাটো অৱগত কৰে।

আৰক্ষীয়ে ৩১ বছৰীয়া লোকজনক আটক কৰি ঘটনাস্থলীলৈ ৰাওনা হয় আৰু তাত অচেতন অৱস্থাত মহিলাগৰাকীক পৰি থকা অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।

কিন্তু চিকিৎসকে আঘাতপ্ৰাপ্ত মহিলাগৰাকী মৃত বুলি ঘোষণা কৰে।

ইয়াৰ পিছতে হত্যাৰ গোচৰ ৰুজু কৰি স্বামীগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ অনুসৰি মৃত মহিলাগৰাকীৰ পূৰ্ব স্বামীৰ ফালৰ এগৰাকী সাতবছৰীয়া কন্যাও আছিল।