NORTHEAST NOW (Assamese)

ইউটিউব চাই পত্নীৰ প্ৰসৱ কৰোৱাৰ চেষ্টা স্বামীৰ: প্ৰাণ হেৰুৱালে পত্নীয়ে

August 24, 2023 9:01 pm · এন ই নাও নিউজ, গুৱাহাটী

অল্পশিক্ষা ভয়ংকৰ, এই কথাষাৰ প্ৰমাণ কৰি দেখুৱাইছে তামিলনাডুৰ এগৰাকী ব্যক্তিয়ে। গৰ্ভৱতী পত্নীৰ সন্মান প্ৰসৱৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে ইউটিউবৰ ভিডিঅ’ চাই ঘৰতে প্ৰসৱ কৰোৱাৰ চেষ্টা চলায় ব্যক্তিগৰাকীয়ে।

তেওঁৰ এই ভুলৰ পৰিণতিতে অতিমাত্ৰা ৰক্তক্ষৰণ হয় মহিলাগৰাকীৰ আৰু তাৰ ফলস্বৰূপে মৃত্যুমুখত পৰে। এই ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ কৃষ্ণগিৰিত।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ লগে লগে তেওঁৰ স্বামী মধেশে ঘৰতে ইউটিউবত শিকা কৌশল ব্যৱহাৰ কৰি সন্তান প্ৰসৱ কৰোৱাৰ বাবে প্ৰচেষ্টা চলায়।

কিন্তু প্ৰসৱৰ সময়ত নাভি অংশ সঠিকভাৱে কাটিব নোৱাৰাৰ ফলত যথেষ্ট ৰক্তক্ষৰণ হয় আৰু অচেতন হৈ পৰে মহিলাগৰাকী। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয়।

এই সন্দৰ্ভত স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী চিকিৎসা বিষয়াই জানিবলৈ দিয়া মতে মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে ফৌজদাৰী বিধি আইন (চি আৰ পি চি)ৰ ১৭৪ ধাৰাৰ অধীনত মধেশৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

Related News