NORTHEAST NOW (Assamese)

গুৱাহাটীত চাঞ্চল্যকৰ কাণ্ডঃ লজলৈ মাতি নি যুৱতীক ধৰ্ষণ দুৰ্বৃত্তৰ

March 23, 2024 5:32 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে মহিলা নিৰ্যাতনৰ এক চাঞ্চল্যকৰ কাণ্ড। মহানগৰীৰ এটা লজত এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে মেঘালয়ৰ এজন ব্যক্তিৰ বিৰুদ্ধে।

ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে আজি গুৱাহাটীৰ পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। যুৱতীগৰাকীৰ অভিযোগ অনুসৰি জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক অভিযুক্তই গুৱাহাটীৰ এটা লজলৈ নিমন্ত্ৰণ কৰে।

যুৱতীগৰাকীৰ ভাষ্য অনুসৰি অভিযুক্তৰ সৈতে তেওঁ একেলগে অধ্যয়ন কৰিছিল আৰু সেই সূত্ৰে দুয়োৰে মাজত পাৰস্পৰিক পৰিচয় আছিল।

এনে পৰিচয়ৰ বাবে অভিযুক্তৰ নিমন্ত্ৰণ ৰক্ষা কৰি যুৱতীগৰাকীয়ে মহানগৰীৰ ৰাজধানী লজ নামৰ লজটোত উপস্থিত হৈছিল।

কিন্তু অভিযুক্তই ড্ৰাগছ সেৱন কৰি লজৰ ৰুমত আবদ্ধ কৰি তেওঁক ধৰ্ষণ কৰা বুলি যুৱতীগৰাকীয়ে অভিযোগ কৰিছে। অভিযুক্তৰ নাম পাৰভেজ আনছাৰী বুলি উল্লেখ কৰিছে যুৱতীগৰাকীয়ে।

যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।

Related News