NORTHEAST NOW (Assamese)

মৰ্মান্তিক! বাছৰ খিৰিকীৰে মূৰ উলিয়াইছিল যুৱতীয়ে; ট্ৰাকৰ খুন্দাত বিচ্ছিন্ন হৈ গ’ল…

January 31, 2025 1:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 31, 2025 1:31 pm

বাছত উঠি গৈ থাকোঁতে যুৱতীগৰাকীয়ে খিৰিকীৰে বাহিৰলৈ মূৰটো উলিয়াইছিল। বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী ট্ৰাকে তেওঁৰ মূৰটো ডিঙিৰ পৰা বিচ্ছিন্ন কৰি পেলালে! কৰ্ণাটকৰ চামৰাজনগৰ জিলাত এই ভয়াবহ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে, যুৱতীগৰাকীয়ে নন-এচি চৰকাৰী বাছত গুণ্ডলুপেটৰ পৰা নানজাংগুড অভিমুখে গৈ আছিল। সেই সময়তে তেওঁ খিৰিকীৰে মূৰটো উলিয়াই বতাহ খাইছিল।

ঠিক তেনে সময়তে বাছখনৰ কাষেৰে পাৰ হৈ যোৱা এখন তীব্ৰবেগী ট্ৰাকে তেওঁক জোৰেৰে খুন্দা মাৰে, যাৰ ফলত তেওঁৰ মূৰটো নিমিষতে শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰে। ট্ৰাক চালকজন পলায়ন কৰে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

এই ঘটনাৰ ৰক্তাক্ত আৰু কৰুণ দৃশ্য কেমেৰাত বন্দী হৈ ছচিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰে।

এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত পুনৰবাৰ যাত্ৰীৰ সুৰক্ষা আৰু সজাগতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চলন্ত বাছৰ খিৰিকীৰে মূৰ বা হাত বাহিৰলৈ উলিয়াই দিয়াটো কিমান বিপদজনক এই ঘটনা তাৰেই প্ৰমাণ।

Related News