NORTHEAST NOW (Assamese)

যৌন নিৰ্যাতনৰ বলি স্বয়ং বিচাৰক! দেশৰ মুখ্য ন্যায়াধীশলৈ ইচ্ছামৃত্যুৰ আবেদন মহিলা ন্যায়াধীশৰ

December 15, 2023 12:44 pm · এন ই নাও নিউজ, গুৱাহাটী
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফটোঃ সংগ্ৰহীত।

দীৰ্ঘদিন ধৰি তেওঁক এগৰাকী জ্যেষ্ঠ ন্যায়াধীশে যৌন নিৰ্যাতন চলাই আহিছে। সেয়ে আৰু জীয়াই থাকিবলৈ মন নাই। এগৰাকী মহিলা ন্যায়াধীশে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ পত্ৰ লিখি স্বেচ্ছামূলক মৃত্যুৰ বাবে অনুৰোধ জনাইছে। চিঠিখন লাভ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ক্ষিপ্ৰ প্ৰতিবেদন বিচাৰিলে।

শুকুৰবাৰে পুৱাই এলাহাবাদ উচ্চ ন্যায়ালয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। মহিলা ন্যায়াধীশগৰাকীয়ে ইচ্ছামৃত্যুৰ বাবে মুখ্য ন্যায়াধীশৰ ওচৰত আবেদন জনোৱা ঘটনাৰ খবৰ নেট জগতত বিয়পি পৰিছে। 

জানিব পৰা মতে, মহিলা ন্যায়াধীশগৰাকীক উত্তৰ প্ৰদেশৰ বান্দা আদালতত নিযুক্ত আছিল। চিঠিখনত তেওঁ লিখিছে যে বাৰাবাকি আদালতত থকাৰ সময়তে জিলা আদালতৰ ন্যায়াধীশ আৰু তেওঁৰ সংগীসকলে তেওঁক যৌন নিৰ্যাতন চলাইছিল।

লগতে পঢ়কঃ ৰাজস্থানলৈও পলাইছিল, সংসদত স্মোক বোম্ব বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড ললিত ঝাক গ্ৰেপ্তাৰ

চলিত মাহতে ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনাৰ তদন্তৰ দাবীত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু তেওঁৰ আবেদনক গুৰুত্ব দিয়া হোৱা নাছিল বুলি দাবী কৰে। কমিটীৰ তদন্ততো ন্যায় নাপালে মহিলা ন্যায়াধীশগৰাকীয়ে।

অভিযুক্ত ন্যায়াধীশগৰাকীক বদলি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনায়। কিন্তু ন্যায়াধীশগৰাকীয়ে দাবী কৰে যে মাত্ৰ আঠ ছেকেণ্ডৰ ভিতৰতে আবেদন নাকচ কৰা হয়। ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ ন্যায়াধীশগৰাকীয়ে স্বেচ্ছামূলক মৃত্যুৰ বাবে অনুৰোধ জনায়।

চিঠিখনত তেওঁ কৈছে, “মই আৰু জীয়াই থাকিব নিবিচাৰো। যোৱা ডেৰ বছৰ ধৰি মই জীৱন্ত মৃতদেহৰ দৰে ঘূৰি ফুৰিছো। এই জীৱনটো লৈ জীয়াই থকাৰ আৰু কোনো অৰ্থ নাই। মোৰ জীৱনৰ কোনো উদ্দেশ্য নাই।”

লগতে পঢ়কঃ কৃষ্ণাংগ হোৱাৰ বাবেই! ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰাৰ অপৰাধত ১০ বছৰীয়া শিশুক তিনি মাহৰ পৰীক্ষামূলক শাস্তি

মহিলা ন্যায়াধীশৰ পৰা এনে অনুৰোধ পোৱাৰ পিছতে তৎপৰ উঠিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়। উচ্চতম ন্যায়ালয়ৰ মহাসচিব অতুল এম কুৰহেকাৰক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ পত্ৰ লিখিবলৈ নিৰ্দেশ দিয়া হয়। মহিলা ন্যায়াধীশগৰাকীৰ আবেদন আৰু তাৰ ওপৰত ভিত্তি কৰি তদন্তৰ সবিশেষ শুকুৰবাৰে পুৱাৰ ভিতৰত উচ্চতম ন্যায়ালয়লৈ যাতে প্ৰেৰণ কৰা হয়। 

Related News