• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ধোনীলৈ সন্মান: এতিয়াৰ পৰা ২২ গজৰ ‘মেন ইন ব্লু’ত উপলব্ধ নহ’ব ৭ নম্বৰ জাৰ্চি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2023 12:46 pm
MS Dhoni
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ অধিনায়কৰ তালিকাত নিশ্চিতভাৱে সদায়েই নাম থাকিব ভাৰতৰ কিংবদন্তি অধিনায়ক এম এছ ধোনীৰ। ধোনীৰ নেতৃত্বতে সফলতাৰ শিখৰত উপনীত হৈছিল ভাৰতীয় ক্ৰিকেট।

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ পিছতো কিংবদন্তি তাৰকাগৰাকী ক্ৰিকেট বিশ্বত পূৰ্বৰ দৰেই জনপ্ৰিয়। ভাৰতীয় ক্ৰিকেটলৈ আগমণ ঘটা যুৱ তাৰকাসকলেও প্ৰায়ে স্মৰণ কৰা দেখা যায় ধোনীয়ে দিয়া উপদেশ বা তেওঁৰ সৈতে কটোৱা সময়।

Apply Now

পিছে যুৱ ক্ৰিকেটাৰসকলৰ ধোনীৰ প্ৰতি অভিনৱ শ্ৰদ্ধা-সন্মান থাকিলেও তথা তেওঁক আইকন হিচাপে গ্ৰহণ কৰি ৭ নম্বৰ জাৰ্চি পৰিধান কৰি ক্ৰিকেট জগতত পদাৰ্পনৰ ইচ্ছা থাকিলেও সেই ইচ্ছা এতিয়া ত্যাগ কৰিব লাগিব।

ভাৰতীয় ক্ৰিকেটলৈ ধোনীয়ে আগবঢ়োৱা অৱদান তথা তেওঁৰ খ্যাতিৰ প্ৰতি সন্মান জনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে, চমুকৈ বি চি চি আয়ে ধোনীয়ে পৰিধান কৰা আইকনিক ৭ নম্বৰ জাৰ্চি চিৰদিনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

বি চি চি আইৰ এই সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটত উপলব্দ নাথাকিব ৭ নম্বৰ জাৰ্চি। অৰ্থাৎ কোনো নতুন খেলুৱৈয়ে পৰিধান কৰিব নোৱাৰিব ৭ নম্বৰৰ জাৰ্চি। ভাৰতীয় ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে এই সিদ্ধান্ত লয় বি চি চি আয়ে।

ইতিপূৰ্বে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰে পৰিধান কৰা ১০ নম্বৰ জাৰ্চি চিৰদিনৰ বাবে সংৰক্ষণৰ সিদ্ধান্ত লৈছিল বি চি চি আয়ে। শচীনৰ অৱসৰৰ পিছত কিছুদিনৰ বাবে শাৰ্দুল ঠাকুৰে ১০ নম্বৰ পৰিধান কৰিছিল।

অৱশ্যে বি চি চি আইৰ সিদ্ধান্তৰ পিছত শাৰ্দুলে বাদ দিয়ে ১০ নম্বৰ জাৰ্চি। উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল তাৰকা ধোনীৰ নেতৃত্বতে ভাৰতে ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰিছিল।

ভাৰতৰ হৈ ৩৫০খন এদিনীয়া মেচত ১০টা শতক আৰু ৭৩টা অৰ্ধশতকসহ ৫০.৫৭ গড়ে ১০,৭৭৩ ৰাণ, টি-২০ত ৩৭.৬০ গড়ে ধোনীয়ে ৯৮খন মেচত ১,৬১৭ ৰাণ আৰু ৯৭খন টেষ্টত ৬ শতক আৰু ৩৩টা অৰ্ধশতকসহ ৪,৮৭৬ ৰাণ সংগ্ৰহ কৰিছিল।

লগতে উইকেটকীপাৰ হিচাপেও ধোনী পৰিণত হৈছিল ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল। টেষ্টত ২৫৬ টা কেচ আৰু ৩৮ টা ষ্টাম্পিং, এদিনীয়াত ৩২১ টা কেচ আৰু ১২৩ টা ষ্টাম্পিং, টি-২০ ত ৫৭ টা কেচ আৰু ৩৪ টা ষ্টাম্পিং আছে ধোনীৰ নামত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd