NORTHEAST NOW (Assamese)

যৌন সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰি পত্নীয়ে জাঁপ দিলে কুঁৱাত : উঠাই আনি হত্যা কৰিলে স্বামীয়ে

April 21, 2023 7:47 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2023 7:59 pm

ছত্তীশগড়ৰ যশপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শাৰীৰিক সম্পৰ্ক স্থাপনক লৈ পতিপত্নীৰ মাজত হোৱা কাজিয়াই ল’লে ভয়ানক ৰূপ। যৌন সম্পৰ্ক গঢ়িবলৈ নাপায় পতিয়ে হত্যা কৰিলে পত্নীক।

সোমাবাৰে নিশা দম্পতীহালে মদ্যপান কৰি একেলগে শুই পৰে। ইয়াৰ পিছতেই স্বামীয়ে পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰে। কিন্তু সুৰাৰ ৰাগীত যৌন সম্পৰ্ক গঢ়িবলৈ অস্বীকাৰ কৰে পত্নীয়ে। তাৰপিছতেই দুয়োৰে মাজত সূত্ৰপাত হয় কাজিয়াৰ।

এই কাজিয়াই ইমানেই ভয়াৱহ ৰূপ লয় যে শাৰীৰিক সম্পৰ্ক নকৰোঁ বুলি কৈ পত্নীয়ে জাঁপ দিয়ে এটা কুঁৱাত। কুঁৱাত জাঁপ দিয়া পত্নীক উদ্ধাৰৰ বাবে জাঁপ দিয়ে স্বামীয়ে।

কিন্তু স্বামীয়ে পত্নীক কুঁৱাৰ পৰা তুলি আনি উদ্ধাৰ কৰাৰ পিছতে পত্নীৰ লগত পুনৰ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰে। তাকে লৈ আকৌ সূত্ৰপাত হয় কাজিয়াৰ। অৱশেষত যৌন সম্পৰ্ক গঢ়িবলৈ নাপাই পত্নীক গোপন অংগত আঘাত কৰি নৃশংসভাবে হত্যা কৰে পাষাণ স্বামীয়ে।

জানিব পৰা মতে ঘাতক স্বামীগৰাকীৰ নাম শংকৰ ৰাম আৰু ভুক্তভোগী পত্নীগৰাকীৰ নাম হৈছে আশা বাই।

পত্নীক হত্যা কৰাৰ পিছত গোটেই ৰাতি পত্নীৰ মৃতদেহৰ ওচৰত বহি থাকে শংকৰ ৰাম।

পুৱা ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শংকৰক গ্ৰেপ্তাৰ কৰে। আশা বাইৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ছত্ৰিশগড় আৰক্ষীয়ে।

Related News