এটা পষেক ধৰি শুংসূত্ৰ নাই কৃষ্ণাইৰ অপহৃত যুৱতীৰ
গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত খাৰিজা মানিকপুৰৰ তমচেৰ আলী আৰু মহিলা বিবিৰ কণ্যা আলমিনা বেগম (১৯)ৰ অপহৰণ হোৱা আজি এটা পষেক পাৰ হৈ যোৱাৰ পিছতো কৃষ্ণাইৰ আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
ফলত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে উদ্বিগ্নতাৰ মাজৰে দিন অতিবাহিত কৰিব লগা হৈছে।
উল্লেখযোগ্য যে যোৱা ২৪ জানুৱাৰীত কৃষ্ণাইৰ ছেইণ্ট জেভিয়াৰ্ছ নামৰ এখন ব্যক্তিগত বিদ্যালয়ত কৰ্মৰত আলমিনা বেগমক একেখন বিদ্যালয়ত কৰ্মৰত নছাদ আলী নামৰ লোকজনে অপহৰণ কৰি লৈ গৈছিল ৷
পিছত আলমিনাৰ সন্ধান নাপাই তেওঁৰ পৰিয়ালৰ লোকে কৃষ্ণাই আৰক্ষী থানাত বিদ্যালয়খনৰ কৰ্মচাৰী নছাদ আলীয়ে অপহৰণ কৰা বুলি এখন এজাৰ দাখিল কৰিছিল যদিও আজিলৈকে কোনো শুংসূত্ৰ লাভ নাই কৰা পৰিয়ালৰ লোকে।
যুৱতী গৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে ছেইণ্ট জেভিয়াৰ্ছ বিদ্যালয়ত ইলেকট্ৰিচিয়ান হিচাপে কৰ্মৰত গুৱাহাটীৰ সাতগাঁৱৰ নছাদ আলী বিগত কেইবা বছৰ ধৰি কৃষ্ণাইত পৰিয়ালসহ ভাড়াত আছে।
কোনো লোকে যুৱতী গৰাকী বা নছাদ আলীৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা ৯৩৬৫৫৭৫০৭৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷