অমানুষিক! ধৰ্ষণ কৰি চলন্ত ৰে’লৰ পৰা গতিয়াই পেলাই দিয়া হ’ল যুৱতীক

Representative image

প্ৰতিনিধিত্বমূলক ফটো।

পুনৰ এক জঘণ্য ঘটনাৰ সাক্ষী হ’ল এই দেশ। এগৰাকী ২০ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি চলন্ত ৰে’লৰ পৰা গতিয়াই পেলাই দিয়াৰ ঘটনা সংঘটিত হৈছে।

এনে অমানুষিক ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত। বৰ্তমান তিতৱালাৰ বাসিন্দা পীড়িতা যুৱতীগৰাকী মুম্বাইৰ জেজে হাস্পাতলত মৃত্যুৰে সৈতে যুঁজ দিছে।

বাতৰি অনুসৰি, যুৱতীগৰাকীয়ে পোৱাইত গৃহ পৰিচাৰিকাৰ কাম কৰে। গটনাটো পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। অভিযুক্তৰ সন্দানত ব্যাপক অভিযান চলাই থকা হৈছে।

ভাছিৰ ৰে’ল আৰক্ষীয়ে চিচি টিভি কেমেৰাকে ধৰি গোটেই ঘটনাৰ পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।

বি,য়াসকলে জানিবলৈ দিয়া মতে, ভাছি ক্ৰিক ব্ৰীজৰ সমীপত সেই যুৱতীগৰাকীক ৰে’ল লাইনৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। যুৱতীৰগৰাকীৰ শৰীৰত একাধিক আঘাতৰ চিন দেখা যায়।

মঙলবাৰে এখন স্থানীয় ৰে’লৰ ম’টৰমেন এগৰাকীয়ে  প্ৰথমতে যুৱতীগৰাকীক ৰে’ল লাইনৰ কাষত পৰি থকা দেখি ৰে’ল আৰক্ষীক খৱৰ দিয়ে। তাৰ পাছতে ৰে’ল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰি হাস্পাতলত ভৰ্তি কৰায়।

যুৱতীগৰাকীক পৰীক্ষা কৰা চিকিৎসকসকলে জানিবলৈ দিয়ে যে যুৱতীগৰাকীৰ ৰে’লৰ পৰা পেলাই দিয়াৰ পূৰ্বে যৌন নিৰ্যাতন চলোৱা হৈছিল।

ঘটনাটোক লৈ মহাৰাষ্ট্ৰত তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদ দেখা গৈছে।