NORTHEAST NOW (Assamese)

কৃষ্ণাইত যৌতুকৰ বাবে স্বামীৰ পৰিয়ালে জ্বলাই দিলে মহিলাক

March 24, 2019 1:21 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

যৌতুকৰ বাবেই গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বিদ্যাপাৰাত শনিবাৰে নিশা স্বামী আৰু শহুৰেকে মিলি এগৰাকী মহিলাক জ্বলাই দিয়াৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে।

অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত  ভৰ্তি কৰা হয়।

জানিব পৰা মতে, প্ৰায় আঠ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মহিলাগৰাকীক বিয়াৰ পাছৰে পৰা স্বামীৰ পৰিয়ালে অমানুষিক অত্যাচাৰ চলাই আহিছিল।

শনিবাৰে নিশা মহিলাগৰাকীক হাত-ভৰি বান্ধি কেৰাচিন ঢালি জ্বলাই দিয়া বুলি মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰে। তেওঁলোকে ইতিমধ্যে মহিলাগৰাকীৰ স্বামী ছাহজাহান আলী আৰু শহুৰেক জামাল আলীৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে।

আনহাতে, মহিলাগৰাকীৰ পৰিয়ালৰ লোকে লগতে অভিযোগ কৰে যে মহিলাগৰাকীক বহুদিনৰ পৰাই যৌতুক বিচাৰি স্বামীৰ পৰিয়ালে নিৰ্যাতন চলাই আহিছিল।

ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু স্থানীয় ৰাইজে মহিলাগৰাকীৰ লগতে শহুৰেকৰ বিৰুদ্ধেও কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে।

Related News