• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ কংগ্ৰেছলৈ উভতিল হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 24, 2019 12:24 pm
20190102_145410

হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ। ফটো : নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্তত পুনৰ কংগ্ৰেছ দলত যোগদান কৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন পাৰিষদ তথা হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে। শুকুৰবাৰে কাৰ্বি আংলংৰ জিলা সদৰ ডিফুত কংগ্ৰেছ  সাংসদ আৰু ডিফু সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংতিৰ উপস্থিতিত তেওঁ কংগ্ৰেছত দ্বিতীয় বাৰৰ কাৰণে যোগদান কৰে।

ইয়াৰ পূৰ্বে ২০০৬ চনত তেতিয়াৰ কংগ্ৰেছ পাৰিষদৰ চিইএম প্ৰয়াত পূৰ্ণেন্দু লাংথাচাৰ কাৰ্যকালত আঞ্চলিক দল এএছডিচি ত্যাগ কৰি তেওঁ কংগ্ৰেছ যোগদান কৰিছিল। পৰবৰ্তী সময়ত কংগ্ৰেছৰ মনোনয়নত ২০০৭ চনত হাৰাঙ্গাজাও পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰিছিল।

Apply Now

আনহাতে, ২০০৮ চনত হাফলংবাৰ ডিমা হাচাও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপেও মনোনীত হৈছিল। ইয়াৰ উপৰি ২০১০ চনত ছ’মাহৰ কাৰণে তেওঁ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম ও হৈছিল।

উল্লেখযোগ্য যে চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী সমৰজিত হাফলংবাৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৯৬ চনত এএছডিচি দলৰ মনোনয়নত বিধানসভা নিৰ্বাচনত হাফলং আসনত বৰ্ষীয়ান কংগ্ৰেছ নেতা গোবিন্দ চন্দ্ৰ লাংথাচাক পৰাজিত কৰি নিৰ্বাচিত হৈছিল।

ইয়াৰ পৰবৰ্তী সময়ত দলৰ মজিয়াত সৃষ্টি হোৱা বিশৃঙ্খল পৰিস্থিতিৰ কাৰণে হাফলংবাৰে এএছডিচি (ইউ) নাম দি নতুন এটা দল গঠন কৰে। কিন্তু এইক্ষেত্ৰত তেওঁ সফল নহ’ল। তাৰ পাছতে তেও যোগ দিয়ে কংগ্ৰেছত।

আনহাতে, ২০১৫ চনত তেওঁ কংগ্ৰেছ এৰি গেৰুৱা দল বিজেপিত যোগ দিয়ে। অৱশ্যে বিজেপি দলত বেছি দিন স্থান নহ’ল তেওঁৰ। দলৰ বিৰুদ্ধে মাত মতা কাৰণে ২০১৭ চনত দলৰ পৰা তেওঁক বহিস্কাৰ কৰা হয়। ইয়াৰ পাছত তেওঁ যোগ দিয়ে মেঘালয়ৰ এনপিপি দলত। কিন্তু সদ্যহতে সমাপ্ত হোৱা স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনত এনপিপি দলে এখন আসনতো প্ৰতিদ্বন্দ্বিতাত নাহিল। সেয়ে, এতিয়া এনপিপি এৰি পুনৰ কংগ্ৰেছত যোগ দিলে সমৰজিত হাফলংবাৰে।

ইপিনে,সমৰজিত হাফলংবাৰৰ লগত যোগাযোগ কৰাত তেওঁ নৰ্থ ইষ্ট নাওক জনায় যে গণতন্ত্ৰ বিৰোধী চৰকাৰক ক্ষমতাৰ গাদীৰ পৰা আঁতৰাই পেলোৱাৰ উদ্দেশ্যেৰে মই সাংসদ বীৰেন সিং ইংতিৰ আহ্বানত সঁহাৰি জনাই কংগ্ৰেছ দলত যোগদান কৰিছো। হাফলংবাৰে লগতে উল্লেখ কৰে যে এনপিপি আমাৰ কাৰনে ভাল। আনহাতে বিজেপি দলে মোক দলৰ পৰা বহিস্কাৰ কৰিছিল কিয়নো আমি নাগালিম সন্দৰ্ভত ৰাইজৰ পক্ষ লৈ মাত মাতিছিলো।

তেওঁ লগতে প্ৰশ্ন কৰে যে বিজেপি দলত একাধিক যোগ্য প্ৰাৰ্থী থকাৰ পাছতো প্ৰাক্তন উগ্ৰপন্থী নেতা হৰেন সিং বে’ক কিয়  টিকিট দিয়া হ’ল ? হাফলংবাৰে বিজেপি দলক সাম্প্ৰদায়িক দল বুলি আখ্যা দি কয় যে এই দলে অসমীয়া-বঙালী, হিন্দু-মুছলমানৰ মাজত সংঘাত লগাই ৰাজনীতি খেলিব বিচাৰিছে।

হাফলংবাৰে ডিমা হাচাও জিলাৰ সচেতন ৰাইজক এতিয়াৰে পৰা বিজেপি দলৰ কামকাজক লৈ সজাগ হোৱাৰ আহ্বান জনায়। তেওঁ এই দল ষষ্ঠ অনুসূচীৰ কাৰনেও ভয়ানক হ’ব বুলি ব্যক্ত কৰে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd