কি যে বিড়ম্বনা! বিলাসী হোটেলৰ ৫ লক্ষাধিক বিল পৰিশোধ নকৰাকৈ পলায়নৰ চেষ্টা মহিলাৰ, পৰিল ফান্দত

Woman Tries To Leave 5-Star Hotel

প্ৰতাৰণাৰ চেষ্টা চলাই দেশৰ ৰাজধানী অঞ্চল গ্ৰেপ্তাৰ হৈছে এগৰাকী মহিলা। মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে এখন ৫ ষ্টাৰ বিলাসী হোটেলত ৫ লক্ষাধিক তকাৰ বিল পৰিশোধ নকৰাকৈ পলায়নৰ চেষ্টা কৰাৰ অভিযোগ।

প্ৰকাশিত খবৰ অনুসৰি দিল্লী বিমানবন্দৰৰ সমীপৰ বিলাসী হোটেলখনত দুসপ্তাহতকৈও অধিক সময় আছিল মহিলাগৰাকী। যোৱা ৩০ ডিচেম্বৰতে হোটেলখনত চেক ইন কৰিছিল তেওঁ। অন্ধ্ৰ প্ৰদেশৰ এই মহিলাগৰাকীৰ নাম ঝান্সি ৰাণী চেমুৱেল।

চেমুৱেলে হোটেলখনত ভুৱা পৰিচয় ব্যৱহাৰ কৰি আন আন সুবিধাৰ লগতে স্পাৰ সুবিধা পৰ্যন্ত ব্যৱহাৰ কৰিছিল। কেৱল স্পাৰ বাবেই তেওঁৰ নামত ২ লাখতকৈ অধিক টকাৰ বিল হৈছিল। নিজকে চিকিৎসক বুলি দাবী কৰি চেমুৱেলে তেওঁৰ স্বামীও চিকিৎসক আৰু নিউয়ৰ্কত থাকে বুলি উল্লেখ কৰিছিল।

হোটেলখনৰ মেনেজাৰৰ অভিযোগ অনুসৰি, চেমুৱেলে বেংকৰ ইউপিআই এপৰ সহায়ত তেওঁৰ একাউণ্টৰ পৰা ধন ট্ৰেন্সফাৰ কৰা বুলি দাবী কৰিছিল। কিন্তু তাৰ পিছতো হোটেলখনৰ বেংক একাউণ্টত কোনো ধৰণৰ পেমেণ্ট পোৱা নাই জানিব পৰা যায়।

কিন্তু হোটেল কৰ্তৃপক্ষৰ এই অভিযোগ নাকচ কৰি চেমুৱেলে প্ৰায় ৫,৮৮,১৭৬ টকাৰ লেনদেন কৰিছে বুলি দাবী কৰে। হোটেলৰ কৰ্মচাৰীসকলে তেওঁক বাৰে বাৰে বাধা আৰোপ কৰাৰ পিছতো চেমুৱেলে হোটেলৰ পৰা বেগ লৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল।

ইয়াৰ পিছতে হোটেল কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগৰ আধাৰত আৰক্ষীয়ে চেমুৱেলক প্ৰথমে আটক কৰে যদিও পিছত তদন্তত সহযোগ নকৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে অভিযুক্ত চেমুৱেলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪১৯, ৪৬৮, আৰু ৪৭১ৰ অধীনত গোচৰ ৰুজৰ হোৱা বুলি জানিবলৈ দিয়ে। চেমুৱেলক বেংক ষ্টেটমেণ্ট দেখুৱাবলৈ কোৱাৰ পিছতো বেংক ষ্টেটমেণ্ট দাখিলত ব্যৰ্থ হোৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

এজন বিষয়াই জানিবলৈ দিয়া মতে, চেমুৱেলে জেৰাৰ সময়ত সহযোগ কৰা নাছিল আৰু পৰস্পৰ বিৰোধী বক্তব্য দিছিল। এনে অৱস্থাত তেওঁৰ পূৰ্বৰ কোনো অপৰাধ সম্পৰ্কীয় গোচৰ আছে নেকি সেয়া নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে আৰক্ষীয়ে।