NORTHEAST NOW (Assamese)

মৃতদেহ টুকুৰা কৰি ভৰাই ৰাখিছিল ফ্ৰীজত; গুৱাহাটীত প্ৰেমিকৰ সৈতে মিলি স্বামী আৰু শাহুক নৃশংস হত্যা

February 20, 2023 9:45 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

দেশ কপাই যোৱা দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ দৰে এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে গুৱাহাটীত। পৰকীয়া প্ৰেমত লিপ্ত মহানগৰীৰ নুনমাটিৰ বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে মিলি শীতল মস্তিষ্কৰে স্বামী আৰু শাহুৱেকক হত্যা কৰিলে।

স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক অতি নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা টুকুৰা টুকুৰ কৰি তিনিদিন ফ্ৰীজত ভৰাই ৰাখিছিল। তাৰ পাছত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ মেঘালয়ৰ ডাউকী অঞ্চলত পেলাইছিল মৃতদেহৰ টুকুৰাবোৰ।

উল্লেখ্য যে, প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই জঘণ্য ঘটনা। ২০২২ চনৰ আগষ্ট মাহৰ পৰাই স্বামী আৰু শাহুগৰাকী নিৰুদ্দেশ হৈ আছিল। তেতিয়াই মহিলাগৰাকীয়ে মাতৃ–পুত্ৰ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল। তেতিয়া আৰক্ষী তদন্তত নামিছিল যদিও ঘটনাৰ কোনো শুংসূত্ৰ বিচাৰি পোৱা নাছিল। কিন্তু কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে  শাহুৱেকৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিওৱা বুলি পুনৰ এখন এজাহাৰ দাখিল কৰে।

চুবুৰীয়াৰ জানিবলৈ দিয়া মতে ১৭ আগষ্টতেই তেওঁলোকে অমৰজ্যোতি দে’ক শেষ বাৰলৈ প্ৰত্যক্ষ কৰিছিল। সেই সময়ছোৱাৰ ভিতৰতেই সম্ভৱত দুয়োগৰাকীক হত্যা কৰা হৈছিল।

আৰক্ষীয়ে তদন্ত চলাই ঘটনা সন্দৰ্ভত বন্দনা কলিতাক গ্ৰেপ্তাৰ কৰাৰ পিছতে সম্পূৰ্ণ ঘটনা পোহৰলৈ আহে। বন্দনাই তেওঁৰ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সহায়ত হত্যাকাণ্ডটো সংঘটিত কৰিছিল। এই অভিযুক্ত দুগৰাকী হ’ল অৰূপ ডেকা আৰু ধনজিৎ কলিতা ।

অভিযোগ অনুসৰি, পৰকীয়া প্ৰেম আৰু ধনৰ লালসাতে মহিলাগৰাকীয়ে এই ঘটনা সংঘটিত কৰিছিল।

Related News