NORTHEAST NOW (Assamese)

বীভৎস! দিল্লীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহৰ কটা টুকুৰা

March 19, 2023 12:07 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 19, 2023 11:08 am

 

ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই বিগত কিছুদিন ধৰি আতংকিত কৰি তুলিছে দেশৰ ৰাজধানী চহৰ দিল্লী। বিশেষকৈ প্ৰথমে শ্ৰদ্ধা হত্যাকাণ্ড আৰু তাৰ পাছতেই নিকি যাদৱ হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। উদ্ধাৰ হৈছিল হত্যাৰ বলি হোৱা দুয়োগৰাকী যুৱতীৰে মৃতদেহৰ কটা টুকুৰা।

শেহতীয়াকৈ পুনৰ আন এক অনুৰূপ হত্যাকাণ্ডৰে ইংগিত বহন কৰা ঘটনা সংঘটিত হৈছে দিল্লীত। দক্ষিণ-পূব দিল্লীৰ সাৰাই কালে খানৰ ৰেপিড মেট্ৰ’ নিৰ্মাণ স্থানৰ সমীপত এটা প্লাষ্টিকৰ বেগত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহৰ টুকুৰা।

শনিবাৰে বিয়লি আৰক্ষীয়ে সেই স্থানত পৰি থকা প্লাষ্টিকৰ বেগটোৰ তথ্য লাভ কৰে আৰু ঘটনাস্থলীত উপস্থিত হৈ এটা বগা প্লাষ্টিকৰ বেগত এগৰাকী মহিলাৰ উৱলি যোৱা কটা মূৰকে ধৰি শৰীৰৰ কিছু অংশ উদ্ধাৰ কৰে।

জিলা আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে, ৰেপিড মেট্ৰ’ নিৰ্মাণ স্থানৰ উৰণীয়া সেতুৰ লগত সংলগ্ন সাৰাই কালে খান আই এছ বি টিৰ সমীপত শৰীৰৰ অংগ উদ্ধাৰ হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰে।

আৰক্ষীয়ে এই অংশসমূহ এইমছ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰি ভুক্তভোগীৰ পৰিচয় জানিবলৈ চেষ্টা চলাইছে বুলি তেওঁ লগতে উল্লেখ কৰে। ফৰেনছিক দলে এই কটা অংগসমূহ উদ্ধাৰ হোৱা স্থানৰ তদন্ত কৰিছে বুলিও তেওঁ সদৰী কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি অৱগত কৰে।

Related News