চলন্ত বাছত পাইপে ডিঙি কটাৰ ফলত এগৰাকী মহিলাসহ দুজন যাত্ৰীৰ মৃত্যু, আহত ১৩ গৰাকী যাত্ৰী

index

এক লোমহৰ্ষক তথা ভয়ানক দুৰ্ঘটনাত এগৰাকী মহিলাসহ দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে অন্য ১৩ জন লোক গুৰুতৰভাৱে আহত হৈছে।

মঙলবাৰে সন্ধিয়া ৰাজস্থানৰ পালী জিলাৰ চাণ্ডেৰাউ আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে লোমহৰ্ষক দুৰ্ঘটনাটো।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে হাইড্ৰ’লিক মেচিনত উলমি থকা এডাল পাইপে তীব্ৰ বেগী চলন্ত বাছখনৰ মহিলা যাত্ৰী গৰাকীৰ ডিঙি কটা আৰু এজন যুৱকৰ মূৰত আঘাত কৰাৰ ফলত দুয়ো গৰাকীৰে মৃত্যু থিতাতে মৃত্যু ঘটে।

আশী ফুট দৈর্ঘ্যৰ পাইপ ডালৰ আঘাতত চলন্ত বাছখনৰ অন্য ১৩ যাত্ৰীও আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত তিনিজন যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

“গেছ পাইপ লাইন বহুৱাই থকা এটা প্ৰতিষ্ঠানে পাইপৰ বহুৱাৰ কাম কৰি আছিল। প্ৰতিষ্ঠানটোৰ মেনেজাৰে কোৱা মতে হাইড্ৰ’লিক মেচিনৰ ড্ৰাইভাৰে পাইপডাল দাঙি পেলাবলৈ লওঁতে নিয়ন্ত্ৰণহীন হয় আৰু তেনে সময়তে হঠাতে চলন্ত বাছখনে তীব্ৰ বেগেৰে পথটো অতিক্ৰম কৰিব খোজে; আৰু পাইপডালে চলন্ত বাছখনৰ ভাঙি যাত্ৰীসকলক আঘাত কৰে।” স্থানীয় পলী আৰক্ষী থানাৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী বিষয়াজনে জনোৱা অনুসৰি চলন্ত বাছখন তীব্ৰ বেগত আছিল।

গেছ পাইপ সংস্থাপন কৰা প্ৰতিষ্ঠানটোৱে কৰ্তব্যত গাফিলতি কৰাৰ ফলতে এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।

“সাধাৰণতে আশী ফুট দৈৰ্ঘ্যৰ এডাল পাইপ এটা হাইড্ৰলিক মেচিনেৰে ডাঙি কাম কৰিব নোৱাৰি। প্ৰতিষ্ঠানটোৱে সুৰক্ষাজনিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছিল।” তেওঁ লগতে কয়।

আনহাতে প্ৰতিষ্ঠানটোৱে প্ৰয়োজনীয় সুৰক্ষামূল ব্যৱস্থা নোলোৱাৰো অভিযোগ আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে উক্ত প্ৰতিষ্ঠানটোৱে সুৰক্ষামূলক ব্যৱস্থা নোলোৱাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ৬ দিনৰ পূৰ্বে আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ এখন জেচিবিসহ টেক্টৰো জব্দ কৰিছিল।