NORTHEAST NOW (Assamese)

দুই পৰিয়ালৰ মাজত মাটিৰ কাজিয়া : আহত ৭ জন

April 26, 2023 2:59 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 26, 2023 2:28 pm

কামৰূপ জিলাৰ অন্তৰ্গত নগৰবেৰাত বুধবাৰে পুৱা দুটা পৰিয়ালৰ মাজত হোৱা সংঘৰ্ষত কমেও ৭ জন লোক আহত হয়।

সূত্ৰ অনুসৰি ভখুৰদিয়া গাঁৱত দুটা পৰিয়ালৰ মাজত থকা ভূমি বিবাদৰ ফলত এই সংঘৰ্ষৰ সূচনা হয়।

একেটা চুবুৰীৰে আজাদ আলী আৰু জাহিদুল ইছলামৰ পৰিয়ালৰ মাজত এই সংঘৰ্ষ সৃষ্টি হোৱা বুলি জানিবলৈ পোৱা গৈছে। জানিব পৰা মতে দুই পৰিয়ালৰ মাজত এডোখৰ মাটিক লৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল।

এই পৰিপ্ৰেক্ষিততে আজি পুৱা পৰিস্থিতি ভয়ানক হৈ পৰে আৰু দুয়োটা পৰিয়ালৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় য’ত মহিলাকে ধৰি কমেও সাতজন লোক আহত হয়।

ঘটনাৰ পিছতে আহত লোকসকলক স্থানীয় টুপামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

পিছত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সৈতে জড়িত দুজন ব্যক্তিক আটক কৰে।

Related News