NORTHEAST NOW (Assamese)

সুদীৰ্ঘ ১৭ দিনৰ অন্তত তেজুত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য

July 2, 2019 7:26 pm · মানস প্ৰতিম গগৈ
অৰুণাচলত মৃহদেহ উদ্ধাৰ হোৱা ছাত্ৰীগৰাকী।

অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুৰ পৰা সন্ধানহীন হোৱা এগৰাকী ছাত্ৰীৰ মৃতদেহ ১৭ দিনৰ অন্তত উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী তথা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ চাটিং ভিলেজৰ ডলী ৱাংচা(১৭) নামৰ যুৱতীগৰাকী বিগত ১৪ জুনৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল৷

নিৰুদ্দেশ হোৱাৰ পিছদিনা আৰক্ষীয়ে যুৱতীগৰাকীৰ স্কাৰ্ফ, বেগ, হেডফোন, চচমা আৰু ছাতিতো তেজু নলা অঞ্চলত উদ্ধাৰ কৰিছিলে৷

আনহাতে, নিৰুদ্দেশ হৈ থকাৰ সোতৰ দিনৰ অন্তত সোমবাৰে যুৱতী গৰাকীৰ গলিত মৃতদেহটো আৰক্ষীয়ে তিবেতীয়ান ৰিফিউজি কেম্পৰ সমীপৰ লোহিত নদীৰ পাৰত উদ্ধাৰ কৰে৷

আৰক্ষীয়ে যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে যদিও ৰাইজে আৰক্ষীৰ কথা মানি ল’ব পৰা নাই৷

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ ডলী সন্ধানহীন হোৱাৰ পাছৰে পৰা সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছিল৷ সোমবাৰে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে৷

স্থানীয় ৰাইজে ডলীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ অৰুণাচল আৰক্ষীক আহ্বান জনাই এয়া আত্মহত্যা নহয় পৰিকল্পিত হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে৷

Related News