• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেতিয়কৰ পৰাও কমিছন খায় চিণ্ডিকেটৰ মহানায়ক অখিল গগৈয়ে

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাগৰিকত্ব বিধেয়ক বিৰোধিতা এৰি একেটা ওলোটা খৰতে বিজেপিত সোমোৱা হিৰণ্য পাথৰিৰ অভিযোগ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 2, 2019 8:33 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অখিল গগৈ চিণ্ডিকেটৰ নায়ক নহয় মহানায়ক আৰু তেওঁ খেতিয়ক আৰু মেহনতী মানুহৰ পৰাও কমিছন খায়, অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা একেটা ওলোটা খৰতে বিজেপিত যোগ দিয়া হিৰণ্য পাথৰিৰ।

চিণ্ডিকেট প্ৰসংগৰ লগতে নিতি আয়োগৰ শেহতীয়া প্ৰতিবেদন দাঙি ধৰি সোমবাৰে অখিল গগৈয়ে সোণোৱাল চৰকাৰক সমালোচনা কৰাৰ পিছতে মঙলবাৰে গুৱাহাটীত সংবাদমেলযোগে পাথৰিয়ে এই অভিযোগ কৰিছে।

Apply Now

লগতে পঢ়ক– “মই এজন গৰ্বিত অসমীয়া মিচিং সম্প্ৰদায়ৰ যুৱক। মই লখিমপুৰৰ যুৱক হৈ যদি বাইহাটা চাৰিআলিত থাকিব নোৱাৰো, তেন্তে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আহি কেনেকৈ অসমত থাকিব পাৰিব?”

পাথৰিৰ অভিযোগ, পাৱাৰগ্ৰিডৰ বিৰুদ্ধে আন্দোলনত সাধাৰণ ৰাইজৰ পৰা কৃষক মুক্তি নেতা গগৈয়ে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল। তাৎপৰ্য্যপূৰ্ণভাৱে পাথৰি সেই আন্দোলনৰ সময়ত অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তিৰ ভগ্নী সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্ত সম্পাদক আছিল।

“অখিল গগৈয়ে সাধাৰণ খেতিয়ক তথা খাতি খোৱা মানুহৰ পৰাও কমিছন লয়। প্ৰফুল্ল ডেকা, অমৃত ডেকা, হৰেশ্বৰ পাটোৱাৰী, ভোলা মহন্তকে ধৰি অন্যান্য বহুতৰে পৰা ধন লৈছিল। পাৱাৰগ্ৰিড কৰ্প’ৰেশ্বনৰ বিৰুদ্ধে কিছুদিন পূৰ্বে ৰাজপথত ডাঙৰ ডাঙৰ আন্দোলন কৰিছিল। পাৱাৰগ্ৰিড নিৰ্মাণৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজৰ কিছুসংখ্যকে ৮ লাখ, ৬ লাখ টকাকৈ পাবলগীয়া আছিল। অখিল গগৈয়ে এই ধন মোকলাই দিম বুলি আশ্বাস দিছিল আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ পৰা পাঁচ, দহ হাজাৰ টকাকৈ ধন তুলিছিল। এনেকৈয়ে অখিল গগৈয়ে ক্ষতিগ্ৰস্ত হাজাৰ হাজাৰ ৰাইজৰ পৰা ১০-১৫ কোটি টকা সংগ্ৰহ কৰিছিল। এতিয়া তেওঁ পাৱাৰগ্ৰিডৰ বিৰুদ্ধে মাত নামাতে,” পাথৰিৰ মন্তব্য।

লগতে পঢ়ক– বিজেপিত যোগ দিয়ক, নগদ ৬০ হাজাৰ টকাকৈ লওক!

অহা দহ দিনৰ ভিতৰত অখিল গগৈয়ে কাৰ কাৰ পৰা ধন লৈছিল তাৰ তালিকা তেওঁ ৰাজহুৱা কৰিব বুলিও সদৰী কৰে।

আনহাতে সোণোৱাল চৰকাৰ অহাৰ পিছত চিণ্ডিকেট বন্ধ হৈ যোৱা বাবে অখিল গগৈয়ে কংগ্ৰেছৰ দিনৰে পৰা পাই অহা চিণ্ডিকেটৰ ধনৰ ভাগ বন্ধ হোৱা বুলিও তেওঁ মন্তব্য কৰে।

“অখিল গগৈ চিণ্ডিকেটৰ মহানায়ক। তেওঁ চিণ্ডিকেটৰ নায়কতকৈয়ো ওপৰত। কংগ্ৰেছৰ দিনত চিণ্ডিকেটৰ পৰা আটাইতকৈ বেছি কমিছন লাভ কৰি থকা মানুহজনেই আছিল অখিল গগৈ। কংগ্ৰেছৰ দিনত অখিল গগৈয়ে চিণ্ডিকেটৰ পৰা লাখ লাখ টকা লাভ কৰিছিল। গোলাঘাটৰ বাবলু খান চুপাৰি ব্যৱসায়ৰ সৈতে জৰিত। তেওঁ কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা চুপাৰি ব্যৱসায় কৰি আহিছিল। কংগ্ৰেছৰ দিনত চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে অখিল গগৈয়ে মাত মতা নাছিল। বাবলু খানৰ পৰা আটাইতকৈ বেছি কমিছন পাই আছিল অখিল গগৈয়ে। সৰ্বানন্দ সোণোৱাল যেতিয়া অসমৰ মুখ্য মন্ত্ৰী হ’ল, তেতিয়াই চিণ্ডিকেটৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিলে। তেতিয়াই চিণ্ডিকেটৰ পৰা অখিল গগৈয়ে পাই থকা কমিছন বন্ধ হৈ গ’ল,” পাথৰিয়ে কয়।

পাথৰিয়ে অসমত এতিয়া কোনো চিণ্ডিকেট চলি থকা নাই বুলি দাবী কৰে।

পাথৰিৰ অভিযোগ সন্দৰ্ভত নৰ্থ ইষ্ট নাও-এ অখিল গগৈৰ মন্তব্য লোৱাৰ চেষ্টা কৰিছিল। কিন্তু বহুবাৰ চেষ্টা কৰাৰ পিছতো তেওঁ ফ’ন ধৰা নাই।

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা দেখুৱাওঁতে ৰঙিয়া আৰক্ষীয়ে মৃত্যুৰ ভাবুকি দিয়া বুলি অভিযোগ তুলি পাথৰি বাতৰিৰ শিৰোনামলৈ আহিছিল।

সেই ঘটনাৰ মাত্ৰ কিছুদিন পিছতেই লোকসভা নিৰ্বাচনৰ পূৰ্বে পাথৰিসহিতে বহুকেইজন বিধেয়কবিৰোধী আন্দোলনকাৰীয়ে গেৰুৱা দলটোত যোগ দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd