দিচাংমুখত পুত্ৰই প্ৰহাৰ কৰি হত্যা কৰিলে নিজ মাতৃক; অভিযুক্তক গ্ৰেপ্তাৰ

arrest-2-768x432-1140x570

প্ৰতিনিধিত্বমূলক ফটো

শিৱসাগৰৰ দিচাংমুখত আজি দুপৰীয়া সংঘটিত এক কৰুণ ঘটনাত এগৰাকী মাতৃয়ে নিজৰ পুত্ৰৰ হাতত মৃত্যু বৰণ কৰে। ঘটনাৰ বিৱৰণি মতে শিৱসাগৰৰ দিচাংমুখৰ বলমা গাঁৱৰ নীম নকুল য়েইন নামৰ পাষাণ পুত্ৰই মাকক প্ৰহাৰ কৰি হত্যা কৰে। নিহত মহিলাগৰাকীক ভিনাই য়েইন (৫৫) বুলি চিনাক্ত কৰা হৈছে।
টাইকাণ্ডোৰ প্রশিক্ষণ লোৱা ১৫ বছৰীয়া নীমে মাকক উপৰ্যুপৰি গোৰ আৰু ঘোচা মৰাত গুৰুতৰভাৱে আহত হৈ ঘটনাস্থলীতে নিহত হয়। পিছত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হয়। আৰু পুত্ৰৰ প্ৰহাৰত নিহত ভিনাই য়েইনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আনহাতে আৰক্ষীয়ে অভিযুক্ত তথা হত্যাকাৰী নীম নকুল য়েইনক গ্ৰেপ্তাৰ কৰে। কোনো কাৰণ নোহোৱাকৈয়ে নীম নকুল য়েইনে নিজৰ মাকক প্ৰহাৰ কৰি হত্যা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক নিজৰ জিন্মাত ৰাখিছে আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।