মাইক্ৰ’ফাইন্সেৰ চেক নেপাই মহিলাৰ প্ৰতিবাদ; তিনি বিষয়াক জবাবদিহি অৰ্ধ শতাধিক মহিলাৰ

ফটো: নৰ্থইষ্ট নাও।

মাইক্ৰ’ফাইন্সেৰ চেক নেপাই কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাত একাংশ মহিলাই প্ৰতিবাদ কৰে। লকডাউনৰ সময়ত নিয়মীয়াকৈ ধন আদায় দিয়াৰ পিছতো চেক নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে এই মহিলাসকলে।

উল্লেখযোগ্য যে বাগিছাখনৰ প্ৰায় দুই শতাধিক মহিলাই মাইক্ৰ’ফাইন্সেৰ পৰা ঋণ লৈছিল যদিও মাত্ৰ কেইগৰাকীমান মহিলাইহে চেক পাবলৈ সক্ষম হৈছে।

ইয়াৰ ফলত বুধবাৰে ঋণ নিবলৈ অহা তিনি বিষয়াক জবাবদিহি কৰে প্ৰায় অৰ্ধ শতাধিক মহিলাই।

লগতে পঢ়ক: কোকৰাঝাৰ সদৰ থানাত জিগনেছ মেৱানী; থানাৰ সন্মুখত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ

আনহাতে, চৰকাৰে ২৫ হাজাৰ টকাৰ চেক দিম বুলি কৈ সামান্য টকাৰহে চেক প্ৰদান কৰে বুলিও ক্ষোভ উজাৰে মহিলাসকলে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেন্সৰ ঋণ আৰু সুদ দুয়োটাই পৰিশোধ কৰিব বুলি ঘোষণা কৰিছিল।

বিগত বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম প্ৰতিশ্ৰুতি হিচাপে আই মাতৃসকলে লোৱা মাইক্ৰ’ফাইনেন্সৰ ঋণৰ পৰিশোধ মাফ কৰাৰ কথা উল্লেখ কৰা হৈছিল।

সেই মৰ্মে নিৰ্বাচনৰ পাছতেই মুখ্যমন্ত্ৰী শৰ্মাই যোৱা বছৰৰ ২১ মে’ত সংবাদ মাধ্যমৰ আগত এই মাইক্ৰ’ফাইনেন্সৰ ঋণ সমুহ চৰকাৰৰ ফালৰ পৰা পৰিশোধ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

লগতে পঢ়ক: প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস

বহুদিন ধৰি মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধ কৰাক লৈ সমগ্ৰ অসমতেই এক প্ৰতিবাদৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতেই এই ঋণ সমূহ চৰকাৰে মাফ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনতো তাৰ প্ৰভাৱ পৰা দেখা যায়।