NORTHEAST NOW (Assamese)

বোকাখাতত ‘কা’ৰ বিৰোধিতাৰে নাৰী শক্তিৰ অৱস্থান ধৰ্মঘট; মন্ত্ৰী অতুল বৰাক সকীয়নি

December 21, 2019 4:03 pm · উত্তম শইকীয়া

সদৌ অসম ছাত্র সন্থা আৰু ৩০ টা সংগঠনৰ আহ্বানত আজি বোকাখাতত বিভিন্ন মহিলা সংগঠনৰ শতাধিক মহিলাই নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে।

বোকাখাত নগৰৰ মাজ মজিয়াত অৱস্থান কৰি শতাধিক মহিলাই জাতীয় সাজ পোছাকেৰে অংশ গ্ৰহণ কৰি বিতৰ্কিত আইন বাতিল কৰিবৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

সমবেত মহিলাসকলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি “সৰ্বানন্দ সোণোৱাল হায় হায়, অতুল বৰা হায় হায়” ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

কাৰ্যসূচীত বোকাখাতৰ জ্যেষ্ঠ নাগৰিক ভৱেশ শইকীয়া, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট লেখিকা কল্পনা চেতিয়া, নিজৰা বৰঠাকুৰ আৰু সুৱৰ্ণ শইকীয়া বৰদলৈয়ে অংশ গ্ৰহণ কৰি বিতৰ্কিত আইনখন শীঘ্ৰেই বাতিল কৰাৰ বাবে দাবী জনায়।

উল্লেখযোগ্য যে বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই এতিয়া নিজৰ সমষ্টিতে সকীয়নীৰ সন্মুখীন হ’ব লগা হৈছে। আজিৰ অনুষ্ঠানত অতুল বৰাক অসমৰ জনগনৰ পক্ষত থাকি কথা ক’বৰ বাবে আছুয়ে সকীয়াই দিয়ে অন্যথা নিজৰ সমষ্টিতে তেওঁক জুই, পানী নিষিদ্ধ কৰিব বুলি আছুৰ তৰফৰ পৰা সকীয়াই দিয়ে।

Related News