NORTHEAST NOW (Assamese)

নিশা বাক্সাৰ তামুলপুৰত গুলিবিদ্ধ নাৰী অপহৰণকাৰী; আহত অভিযুক্তক জিএমচিএইচত ভৰ্তি

July 10, 2021 12:22 pm · দীপক কুমাৰ পাঠক
ফটো: নৰ্থইষ্ট নাও।

বাক্সাৰ তামুলপুৰত আৰক্ষীয়ে গুলিয়ালে নাৰী অপহৰণকাৰী তথা নাৰী ব্যৱসায়ী জেহিৰুল ইছলাম নামৰ লোকজনক।

প্ৰেমৰ চলনাৰে শিশু সহ মহিলাক অপহৰণ কৰি বিক্ৰী কৰিছিল বিহাৰৰ কিষাণগঞ্জ জিলাৰ প্ৰেমনগৰৰ নিষিদ্ধ এলেকাত।

বৃহস্পতিবাৰে তামুলপুৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলক।

জেহিৰুলৰ ঘৰ ধুবুৰীৰ দক্ষিণ শালমাৰা অঞ্চলত।

শুকুৰবাৰে সন্ধিয়া অপহৃত মাতৃ কন্যাক উদ্ধাৰ কৰি তেওঁলোকৰ লগতে  অপহৰণকাৰীক লগত লৈ আৰক্ষী উপস্থিত হৈছিল তামুলপুৰত।

নিশা অপহৰণকাৰী জেহিৰুলক লগত লৈ শিশু কন্যা সহ মহিলা গৰাকীক  অপহৰণ কৰি নিয়া ঠাই খিনি চিনাক্ত কৰিবলৈ লৈ গৈছিল ৰামেচুবুৰী গাঁওলৈ।

আৰক্ষীয়ে তদন্তৰ বাবে ৰামেচুবৰী গাঁওলৈ লৈ যোৱা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল জেহিৰুলে।

তেতিয়া আৰক্ষীয়ে জেহিৰুললৈ লক্ষ্য কৰি গুলি চালনা কৰে। জেহিৰুলৰ ভৰিত গুলি লাগি আহত হয়।

ভৰিত গুলি লগা জেহিৰুলক সংকটজনক অৱস্থাত নিশা  GMCH ত ভৰ্তি কৰায় তামুলপুৰ আৰক্ষীয়ে।

Related News