আহিন আছে বিহাৰৰন বিধানসভা নিৰ্বাচন। তাৰপূৰ্বে ৰাজ্যখনৰ সংবাদ মাধ্যমসমূহে সমীক্ষা আৰম্ভ কৰিছে। সমীক্ষা অনুসৰি বিহাৰৰ অধিক সংখ্যক জনতাই মুখ্যমন্ত্ৰী হিচাপে তেজস্বী যাদৱক বিচাৰে।
সমীক্ষাত অংশগ্ৰহণ কৰা ১৮ৰ পৰা ২৯ বছৰ বয়সৰ প্ৰায় ৪২ শতাংশ যুৱ ভোটাৰে তেজস্বী যাদৱক ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ভোটদান কৰে। চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন।
অ’পিনিয়ন প’লত অংশগ্ৰহণ কৰা ৩৯ শতাংশ লোকে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেজস্বী যাদৱক বিচাৰিছে। আনহাতে ৩৪ শতাংশ লোকে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰক বিচাৰিছে। শেহতীয়াকৈ ইনকইনচাইটে কৰা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।
সমীক্ষাৰ ফলাফল অনুসৰি ৩০ৰ পৰা ৩৯ বছৰ বয়সৰ ভোটাৰ আৰু ৬০ বছৰৰ ওপৰৰ ভোটাৰে তেজস্বী যাদৱক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। অৱশ্যে ৪০ৰ পৰা ৪৯ বছৰ আৰু ৫০ৰ পৰা ৫৯ বছৰ বয়সৰ গৰিষ্ঠসংখ্যক লোকে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে।
অৱশ্যে ৪২ শতাংশ কম বয়সীয়া ভোটাৰে তেজস্বী যাদৱক মুখ্যমন্ত্রী হিচাপে বিচৰাৰ বিপৰীতে বিহাৰৰ ৪৫ শতাংশ মহিলাই নীতিশ কুমাৰক মুখ্যমন্ত্রী হিচাপে আৰু ৪৫.৮ শতাংশ বিহাৰ পুৰুষে তেজস্বী যাদৱক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷
সমীক্ষাত অংশগ্ৰহণ কৰা মুঠ ৪৪.৬ শতাংশ যুৱকে এন ডি এ চৰকাৰৰ সপক্ষে মত দিয়ে। ৩৯.৫ শতাংশ যুৱ ভোটাৰে কয় যে যদি এতিয়া নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে মহাগঠবন্ধনক ভোট দিব। আনহাতে, মাত্ৰ ০.৭৬ শতাংশ যুৱকেহে প্ৰশান্ত কিশোৰৰ জন সূৰজ পাৰ্টিক ভোট দিম বুলি কয়।
১৮-২৯ বছৰ বয়সৰ প্ৰায় ৪২% লোকে কয় যে তেজস্বী যাদৱক বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া উচিত। আনহাতে, ২৭.৭% লোকে নীতিশ কুমাৰক পছন্দ কৰে। প্ৰায় ২% প্ৰশান্ত কিশোৰ, ৭% চিৰাগ পাছৱান, ১.৬১% সম্ৰাট চৌধুৰী আৰু ১৩.৩৯% লোকে মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ পৰা নতুন মুখ চাব বিচাৰে।বৰ্তমানৰ সমীক্ষাৰ বিষয়ে ইনকইনচাইটে কয় যে এয়া ‘বিহাৰৰ প্ৰথম আৰু সৰ্ববৃহৎ জনমত সমীক্ষা’। এই সমীক্ষাত বিহাৰৰ ২৪৩টা বিধানসভা সমষ্টিৰ ১৯৪টা সমষ্টিৰ পৰা ৫,১৪৫ জন লোকে অংশগ্ৰহণ কৰে। ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত কৰা হৈছে এই সমীক্ষা।