মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ; মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং কলিয়ৰীত সোমবাৰে অচিনাক্ত দুৰ্বৃত্তই  চোকা অস্ত্ৰৰে এগৰাকী ৫০ উৰ্দ্ধৰ মহিলাক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। কোনো লোকে নিশাৰ ভাগত মহিলাগৰাকীক দুস্কাৰ্য কৰি মুখ লজ্জাৰ ভয়ত এনে কাৰ্য কৰাৰ বুলি একাংশই সন্দেহ কৰিছে।

পুৱা স্থানীয় লোকে মুৰ্মুষু অৱস্থাত পৰি থকা দেখি মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়াত ততাতয়াকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ নিয়াৰ বাবে পৰামৰ্শ দিয়ে।

আনহাতে, ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে কেইজনমান লোকক সোধ পোছৰ বাবে আটক কৰিছে।

উল্লেখ্য যে ঘটনা সংঘটিত হোৱা কাষৰীয়া স্থানত অবৈধ কয়লা বেহাৰ লগত জড়িত একাংশ শ্ৰকিকে কিছুদিনৰ পৰা বাসকৰি আহিছে। তেনে শ্ৰমিকেও এনে ঘটনা সংঘটিত কৰাৰো সন্দেহ কৰিছে স্থানীয় ৰাইজে।

সমগ্ৰ ঘটনাই অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰাৰ লগতে ৰাইজে প্ৰকৃত অপৰাধীক কৰায়ক্ত কৰিবলৈ দাবী জনাইছে। মাৰ্ঘেৰিটা আৰক্ষী সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি প্ৰস্তত কৰাৰ সময়লৈকে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নায়।