• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লী বিশ্ববিদ্যালয়ত উত্তৰ-পূবৰ ছাত্ৰীক হোষ্টেল এৰিবলৈ হেচা; জাতিগত বৈষম্যৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 11:13 am
studying-university-hindustan-eastern-eastern-students-university_99302a58-9244-11ea-80d7-183d6ba34199-750x375

প্রতিনিধিত্বমূলক ফাইল ফটো। সৌজন্য: হিন্দুস্তান টাইমছ

2.5k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ একাংশ ছাত্ৰীয়ে দাখিল কৰা অভিযোগৰ পাছত দিল্লীৰ মহিলা আয়োগে (দি চি ডব্লিউ) দিল্লী বিশ্ববিদ্যালয়লৈ এক জাননী জাৰি কৰিছে।

ছাত্ৰীসকলে জাতিগত বৈষম্যৰ বলি হোৱাৰ লগতে তেওঁলোকক হোষ্টেল খালী কৰিবলৈ হেচা দিয়াৰ অভিযোগ আনিছে।

দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূবৰ ছাত্ৰীসকলে দিল্লী মহিলা আয়োগলৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখনত কোৱা হৈছে যে কলেজ প্ৰশাসনে তেওঁলোকক হোষ্টেল খালী কৰি দিবলৈ হেচা দিছে।

বিষয়টো অৱগত হোৱাৰ পাছত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ছাত্ৰীসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সোমবাৰে তেওঁলোকে নতুনকৈ এখন অভিযোগ পত্ৰ দাখিল কৰে।

ছাত্ৰীসকলে এইবাৰ বিষয়টোত মহিলা আয়োগৰ হস্তক্ষেপ বিচাৰিছে।

হোষ্টেল খালী কৰিবলৈ হেচা দিয়াৰ লগতে তেওঁলোকে মেচত খাদ্যকে ধৰি কেইবাটাও সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ আনিছে।

ছাত্ৰীসকলে লগতে জাতিগত বৈষম্যসূচক মন্তব্যৰ বিষয়েও অভিযোগ কৰিছে।

বিষয়টোৰ গুৰুত্বলৈ চাই দিল্লীৰ মহিলা আয়োগে দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এখন জাননী জাৰি কৰিছে।

আয়োগে বিশ্ববিদ্যালয়খনৰ পৰা ছাত্ৰীসকলক আগবঢ়োৱা সা-সুবিধাৰ লগতে এক কাৰ্যব্যৱস্থাৰ প্ৰতিবেদন বিচাৰিছে।

দিল্লীৰ মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে কয় যে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা উত্তৰ-পূবৰ ছাত্ৰীসকলে অভিযোগ দিছে যে তেওঁলোকক হোষ্টেল খালী কৰিবলৈ হেচা দিয়া হৈছে। লকডাউনৰ বাবে তেওঁলোকে হোষ্টেলত থকাৰ বাহিৰে কোনো উপায় নাই।

মালিৱালে লগতে জানিবলৈ দিয়ে যে ছাত্ৰীসকলে তেওঁলোকৰ বিৰুদ্ধে জাতিগত বৈষম্যসূচক মন্তব্যৰো অভিযোগ আনিছে। এইটো এটা গুৰুতৰ অভিযোগ আৰু তালৈ লক্ষ্য কৰি আমি বিশ্ববিদ্যালয়লৈ জাননী জাৰি কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো।

মহিলা আয়োগৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে এনেধৰণৰ বৈষম্য কোনো কাৰণতে সহ্য কৰা নহ’ব।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd