• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী বিশ্ববিদ্যালয়ত উত্তৰ-পূবৰ ছাত্ৰীক হোষ্টেল এৰিবলৈ হেচা; জাতিগত বৈষম্যৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 11:13 am
studying-university-hindustan-eastern-eastern-students-university_99302a58-9244-11ea-80d7-183d6ba34199-750x375

প্রতিনিধিত্বমূলক ফাইল ফটো। সৌজন্য: হিন্দুস্তান টাইমছ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ একাংশ ছাত্ৰীয়ে দাখিল কৰা অভিযোগৰ পাছত দিল্লীৰ মহিলা আয়োগে (দি চি ডব্লিউ) দিল্লী বিশ্ববিদ্যালয়লৈ এক জাননী জাৰি কৰিছে।

ছাত্ৰীসকলে জাতিগত বৈষম্যৰ বলি হোৱাৰ লগতে তেওঁলোকক হোষ্টেল খালী কৰিবলৈ হেচা দিয়াৰ অভিযোগ আনিছে।

Apply Now

দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূবৰ ছাত্ৰীসকলে দিল্লী মহিলা আয়োগলৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখনত কোৱা হৈছে যে কলেজ প্ৰশাসনে তেওঁলোকক হোষ্টেল খালী কৰি দিবলৈ হেচা দিছে।

বিষয়টো অৱগত হোৱাৰ পাছত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ছাত্ৰীসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সোমবাৰে তেওঁলোকে নতুনকৈ এখন অভিযোগ পত্ৰ দাখিল কৰে।

ছাত্ৰীসকলে এইবাৰ বিষয়টোত মহিলা আয়োগৰ হস্তক্ষেপ বিচাৰিছে।

হোষ্টেল খালী কৰিবলৈ হেচা দিয়াৰ লগতে তেওঁলোকে মেচত খাদ্যকে ধৰি কেইবাটাও সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ আনিছে।

ছাত্ৰীসকলে লগতে জাতিগত বৈষম্যসূচক মন্তব্যৰ বিষয়েও অভিযোগ কৰিছে।

বিষয়টোৰ গুৰুত্বলৈ চাই দিল্লীৰ মহিলা আয়োগে দিল্লী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এখন জাননী জাৰি কৰিছে।

আয়োগে বিশ্ববিদ্যালয়খনৰ পৰা ছাত্ৰীসকলক আগবঢ়োৱা সা-সুবিধাৰ লগতে এক কাৰ্যব্যৱস্থাৰ প্ৰতিবেদন বিচাৰিছে।

দিল্লীৰ মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে কয় যে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা উত্তৰ-পূবৰ ছাত্ৰীসকলে অভিযোগ দিছে যে তেওঁলোকক হোষ্টেল খালী কৰিবলৈ হেচা দিয়া হৈছে। লকডাউনৰ বাবে তেওঁলোকে হোষ্টেলত থকাৰ বাহিৰে কোনো উপায় নাই।

মালিৱালে লগতে জানিবলৈ দিয়ে যে ছাত্ৰীসকলে তেওঁলোকৰ বিৰুদ্ধে জাতিগত বৈষম্যসূচক মন্তব্যৰো অভিযোগ আনিছে। এইটো এটা গুৰুতৰ অভিযোগ আৰু তালৈ লক্ষ্য কৰি আমি বিশ্ববিদ্যালয়লৈ জাননী জাৰি কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো।

মহিলা আয়োগৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে এনেধৰণৰ বৈষম্য কোনো কাৰণতে সহ্য কৰা নহ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd