দেশ আৰু দেশৰ মুছলমানক আটাইতকৈ ক্ষতি কৰিছে ধৰ্মনিৰপেক্ষ শব্দই! দাবী বিজেপি নেতাৰ
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাতে উল্লেখ কৰা ধৰ্মনিৰপেক্ষ শব্দই ক্ষতি কৰিছে দেশ আৰু দেশৰ মুছলমান সমাজক। ‘ধৰ্মনিৰপেক্ষ’ শব্দটোতকৈ আন কোনো শব্দ দেশ আৰু দেশৰ মুছলমান জনসংখ্যাৰ ক্ষতিৰ কাৰণ হ’ব নোৱাৰে! এই দাবী কৰিছে বিজেপিৰ এগৰাকী নেতাই।
উত্তৰ প্ৰদেশৰ কাৰ্ছানাত এখন সভাত এই উদ্ভট মন্তব্য কৰিছে বিজেপি নেতা শ্বাহনাৱাজ হুছেইনে। হুছেইনৰ মতে, বিৰোধীয়ে নিজৰ ভোট বেংক অটুট ৰাখিবলৈ ধৰ্মনিৰপেক্ষ শব্দটো “ফেভিকল” হিচাপে ব্যৱহাৰ কৰিছে।
বিজেপিৰ মুখপাত্ৰগৰাকীৰ ভাষ্য মতে, যোৱা ৭৫ বছৰ ধৰি বৰ্তমানৰ বিৰোধীয়ে মুছলমানসকলক ভয় খুৱাই আহিছে আৰু তেওঁলোকক ভোট বেংক হিচাপে গঢ়ি তুলিছে। উত্তৰ প্ৰদেশ আৰু বিহাৰত ধৰ্মনিৰপেক্ষতাৰ দোকান এতিয়া বন্ধ হ’বলৈ ওলাইছে বুলি তেওঁ দাবী কৰে।
ইফালে আগন্তুক ২০২৪ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৩ জুনত অনুষ্ঠিত হ’বলগীয়া বিৰোধী দলসমূহৰ সন্মিলিত বৈঠকক লৈও কটাক্ষ কৰে হুছেইনে। তেওঁৰ মতে, বিৰোধী নেতাসকল বিহাৰলৈ আহিব আৰু বিহাৰৰ পৰম্পৰাগত খাদ্য লিট্টি চোখা খাই ৩৫ ছেকেণ্ডৰ বাবে হাত দাঙি পুনৰ নিজৰ পথলৈ ওভতি যাব।
লক্ষণীয়ভাৱে, দেশৰ সংবিধানৰ আধাৰ প্ৰস্তাৱনাত উল্লেখ থকা ধৰ্মনিৰপেক্ষতা শব্দক লৈ শ্বাহনাৱাজ হুছেইনে কৰা এই বিতৰ্কিত মন্তব্যৰ সময়ত উক্ত সভাস্থলীত ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী নন্দ গোপাল গুপ্তা নন্দী, এলাহাবাদৰ লোকসভাৰ সাংসদ ৰীতা বহুগুণা যোশীও উপস্থিত আছিল।