ৰুক্মিণীগাঁৱৰ এখন দোকানত ভয়ংকৰ বিস্ফোৰণ; নলবাৰীৰ এগৰাকী কৰ্মচাৰীৰ মৃত্যু

Blast

ৰাজ্যত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে আজি গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

ৰুক্মিণাগাঁৱৰ এখন অগ্নি নিৰ্বাপক সামগ্ৰীৰ দোকানত সংঘটিত হোৱা প্ৰচণ্ড বিস্ফোৰণৰ ফলত দোকানখনত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ মৃত্যু হয়।

মৃত্যু হোৱা কৰ্মচাৰী গৰাকীৰ নাম মৃদুল ডেকা(২৫) বুলি জানিব পৰা গৈছে।

মৃত মৃদুল ডেকাৰ ঘৰ নলবাৰীত।

ৰুক্মিণীগাঁৱত থকা লাইফ কেয়াৰ একুইপমেণ্ট নামৰ দোকানখনত বিস্ফোৰণটো সংঘটিত হয়।

প্ৰশান্ত কুমাৰ ভৰালী আৰু তেওঁৰ পত্নী মিনতী ভৰালীৰ নামত দোকানখন থকা বুলি জানিব পৰা গৈছে।

বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক ততাতয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতাললৈ নিয়া হয় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে ৷

ল’কডাউনৰ পাছত আজি প্ৰথমবাৰৰ বাবে কামত যোগদান কৰিছিল দুৰ্ভগীয়া যুৱকজনে ৷

আৰক্ষীয়ে কি কাৰণত দুৰ্ঘটনাতো সংঘটিত হ’বলৈ পালে সেই সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে।