জি আই এম টি, তেজপুৰত কেৰিয়াৰ কৰ্মশালা

GIMT-Guwahati

প্ৰতীকী ছবি। জি আই এম টি, গুৱাহাটী।

তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টে’কনলজি চমুকৈ জি আই এম টিত অহা ৬ ফেব্ৰুৱাৰিত আয়োজন কৰা হৈছে এখনি কেৰিয়াৰ কৰ্মশালাৰ।

‘Choosing The Right Path/ সঠিক পথ নিৰূপণ’ শীৰ্ষক কেৰিয়াৰ কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে।

আয়োজিত কৰ্মশালাখনিত নৱম শ্ৰেণীৰ পৰা দ্বাদশ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়/ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব।

সম্পূৰ্ণ বিনামূলীয়া কৰ্মশালাখনত অংশগ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলে ৯৮৬৪৬০৩১০০, ৭০০২০২০৫৭১ এই দুটা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।