পঞ্চাশ বছৰ পুৰণি বাঁহেৰে থলুৱাভাৱে প্ৰস্তুত কৰা কেনভাছত চিত্ৰ অংকন

index

ফটো : নৰ্থইষ্ট নাও

‘’পঞ্চাশ বছৰ পুৰণি বাঁহৰ কামিৰে আৰু তামোলৰ বৌখাৰে থলুৱাভাৱে প্ৰস্তুত কৰা কেনভাছত চিত্ৰ অংকন কৰি আজি আমি গৌৰৱাম্বিত ৷ সম্ভৱত পৃথিৱীতে বিৰল এই কেনভাছ যদি সু পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰি ল‘ব পৰা হয় , তেনেহ‘লে আৰ্থিকভাৱে দৈন্য আমাৰ চিত্ৰ শিল্পী সকলে কম খৰছত চিত্ৰ অংকন কৰিব পৰিব তথা বিশ্বৰ বজাৰত ই সমাদৰ লাভ কৰিবলৈ সক্ষম হ‘ব,’’- এই মন্তব্য প্ৰখ্যাত স্বনামধন্য চিত্ৰ শিল্পী গকুল ছেত্ৰীৰ ৷

নগাঁও জিলাৰ চামগুৰিস্থিত অন্যতম শিল্পানুষ্ঠান “ৰঙিলী শিল্পালয়, চিত্ৰাংকন বিদ্যালয়ৰ উনবিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু মৃৎ শিল্প আৰু হাতৰ আখৰ কৰ্মশালাৰ দেওবাৰে সামৰণি অনুষ্ঠানৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীত চিত্ৰশিল্পী গৰাকী উপস্থিত থাকি নিজৰ ভাষণ প্ৰসংগত এইদৰে কয়।

তেওঁ কয় যে, মই আৰু মোৰ সংগী চিত্ৰশিল্পী সকলে আজি নতুন এক মাধ্যমত চিত্ৰ অংকন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো ৷ এক বিৰল মূহুৰ্ত আৰু এক নতুন কামৰ মাজেৰে শিল্পী প্ৰাণৰ প্ৰকাশ কৰিবলৈ সুবিধা পালো ৷

চামগুৰিৰ ভেলেউগুৰিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্য্য সূচীৰে অনুষ্ঠিত হোৱা “থলুৱা চিত্ৰপটত ৰং বুলনিৰে জ্যোতি প্ৰকাশ শীৰ্ষক অনুষ্ঠানটি  শুভ উদ্বোধন কৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ৷ পুৱা ৯ বজাত ৰঙিলী শিল্পালয়ৰ পতকা উত্তোলন কৰে শিল্পালয়ৰ সঞ্চালক দেৱ কান্ত বনিয়াই ৷

ইয়াৰ পাছতে সমাজ কৰ্মী বীৰেন বৰাই ডায়েটৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্য্যসূচী সমাপন কৰাৰ পাছতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হয় ৷ অসমৰ পুৰনি বাদ্যযন্ত্ৰ “কালি” বাদনেৰে শিল্পী কলিৰাম বৰাই জাতীয় সঙ্গীত পৰিৱেশন কৰি মুল কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷

কৰ্মশালাৰ ৬৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে পৰিৱেশন কৰা আধুনিক গীত, নৃত্য আৰু চামগুৰিৰ মিৰদান গোষ্ঠীয়ে নাট মঞ্চস্থ কৰাৰ সমান্তৰাল কৈ স্বনামধন্য চিত্ৰ শিল্পী সকলে থলুৱা চিত্ৰপটত চিত্ৰ অংকন কৰে। তদুপৰি, বধিৰ বিদ্যা মন্দিৰৰ বধিৰ ছাত্ৰ -ছাত্ৰী সকল চিত্ৰ অংকন কৰি এক দৃষ্টি নন্দন পৰিৱেশ সৃষ্টি কৰে ৷

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাক শিল্পালয়ৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানত টেলিভিশ্বনৰ জনপ্ৰিয় শিল্পী হিমাংশু বৰ্মন উপস্থিত থাকি ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গৰ মাত নকল কৰি উপস্থিত শ্ৰোতা-দৰ্শকক আমোদ দিয়ে ৷

কৰ্মশালাৰ সামৰণি তথা ৰঙিলী শিল্পালয়ৰ উনবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে সৰ্ব ভাৰতীয় সংগীত আৰু সংস্কৃতিক পৰিষদৰ ফলাফল ঘোষণা কৰি কৃতকাৰ্য্যতা লাভ কৰা সকলক অভিনন্দন জ্ঞাপন কৰা হয় ৷