NORTHEAST NOW (Assamese)

গোলাঘাটত বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস পালন

July 31, 2021 6:29 am · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে শুকুৰবাৰে গোলাঘাট জিলাৰ সমাজ কল্যান বিভাগৰ অধীনৰ ৱান ষ্টপ চেণ্টাৰত কেন্দ্ৰটোৰ লগতে উজ্জলা আশ্ৰয় গৃহৰ উদ্যোগত আৰু মহিলা শক্তি কেন্দ্ৰৰ সহযোগত এখন সভা অনুষ্ঠিত হয়।

জিলা ভাৰপ্ৰাপ্ত সমাজ কল্যান বিষয়া গৌৰীপ্ৰিয়া দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

তেওঁ মানৱ সৰবৰাহৰ সৈতে জড়িত বিভিন্ন দিশ উপস্থাপন কৰাৰ লগতে এইক্ষেত্ৰত কিদৰে আইনী সাহায্য আগবঢ়াব পাৰি সেই বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে।

কুৰীয়ে বিশেষকৈ এইবাৰৰ দিৱসৰ মূল বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে। ভুক্তভোগীৰ কণ্ঠই মানৱ সৰবৰাহৰ বিৰুদ্ধে যে সবল ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত এইবাৰ বিশেষভাৱে গুৰুত্ব দিয়া হৈছে ।

সভাত সহকাৰী আয়ুক্ত ময়ূৰাক্ষী দত্ত, পুলিচ ফেচিলিটেশ্যন বিষয়া তৃপ্তি গগৈ, সমাজ সেৱিকা অনুৰেখা বাকিৱাল, মহিলা শক্তি কেন্দ্ৰ, ৱান ষ্টপ কেন্দ্ৰ, উজ্জলা গৃহৰ বিষয়া-কৰ্মচাৰী আৰু একাংশ হিতাধিকাৰীও উপস্থিত আছিল।

Related News