• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2025 7:14 pm
283
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক পক্ষী সুৰক্ষা সমিতি, অসমৰ উদ্যোগত মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালীস্থিত সনাতন ধৰ্ম সভা প্ৰাংগনত অনুষ্ঠিত হ’ব বিশ্ব পক্ষী দিৱস।

অহা ১ আৰু ৩ জুলাই, মঙলবাৰ আৰু বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হ’ব ত্ৰয়োবিংশতিতম বিশ্ব পক্ষী দিৱস।

এই উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ অমূল্য বৰ্মনক সভাপতি আৰু নগেন চন্দ্ৰ শৰ্মাক মুখ্য সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।

বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলগীয়া বিশ্ব পক্ষী দিৱস উপলক্ষে সমিতিয়ে ‘পক্ষী সংবাদ’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ পদক্ষেপ গ্ৰহণ কৰিছে।

কাৰ্যসূচী সৰ্বতোপ্ৰকাৰে সফল কৰি তুলিবলৈ আৰ জি বৰুৱা ৰোডৰ জ্যোতি উপ পথত থকা ৰাজ্যিক পক্ষী সুৰক্ষা সমিতি, অসমৰ কাৰ্যালয় প্ৰাংগনত আজি বিশ্ব পক্ষী দিৱস উদযাপন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

সভাত পক্ষী সুৰক্ষা সমিতিৰ সভাপতি, পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মা, ড০ অমূল্য বৰ্মন, নগেন চন্দ্ৰ শৰ্মা, ড০ খৈয়াম উদ্দিন আহমেদ, আব্দুল আলিমৰ লগতে আন কেইবাগৰাকী সদস্যই অনুষ্ঠান সফল কৰি তোলাৰ বাবে পৰামৰ্শমূলক বক্তব্য দাঙি ধৰে।

পক্ষীবিদ ভুৱনেশ্বৰ শৰ্মাই জানিবলৈ দিয়ে যে ৰাজ্যিক পক্ষী সুৰক্ষা সমিতি, অসমৰ তৎপৰতাত শীঘ্ৰেই পক্ষী বিষয়ক বিশ্বকোষ প্ৰণয়নৰ আঁচনি গ্ৰহণ কৰা হ’ব। এই বিশ্বকোষৰ প্ৰকাশ অসমীয়া সাহিত্যৰ ইতিহাসত এক নতুন সংযোজন হ’ব বুলি পক্ষীবিদ গৰাকীয়ে আশা ব্যক্ত কৰে।

Recent News

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাত খালী ৫৪১টা পদ! কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন বিৰোধীৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাত খালী ৫৪১টা পদ! কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন বিৰোধীৰ

অপাৰেচন সিন্দূৰৰ পোষ্টত হাঁহিৰ ইমোজিৰে প্ৰতিক্ৰিয়া জনোৱা মহিলাৰ বিৰুদ্ধে এফআইআৰ বাতিলৰ আবেদন খাৰিজ বম্বে উচ্চ ন্যায়ালয়ৰ

অপাৰেচন সিন্দূৰৰ পোষ্টত হাঁহিৰ ইমোজিৰে প্ৰতিক্ৰিয়া জনোৱা মহিলাৰ বিৰুদ্ধে এফআইআৰ বাতিলৰ আবেদন খাৰিজ বম্বে উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী অতিৰিক্ত ন্যায়াধীশক নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী অতিৰিক্ত ন্যায়াধীশক নিযুক্তি

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd