বঙাইগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ‘উদ্যমিতা উৎসাহ সন্মিলন’

বঙাইগাঁও চহৰৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান বঙাইগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু স্বাৱলম্বী ভাৰত অভিযান বঙাইগাঁও জিলাৰ সহযোগত আই টি আইৰ সভাকক্ষত উদ্যমিতা উৎসাহ সন্মিলন অনুষ্ঠিত হয় ৷ যুৱক- যুৱতী তথা ছাত্ৰ- ছাত্ৰী সকলৰ দক্ষতা বিকাশ তথা কৰ্মদক্ষতা, উৎসাহ যোগাই সমাজত নিজে স্বাৱলম্বী হৈ নিজৰ লগতে আন কৰ্মবিমুখক কেনেকৈ কৰ্মসংস্থাপন প্ৰদান কৰিব পাৰি,তাৰে ওপৰত সন্মিলনত আলোচনা হোৱাৰ লগতে বিশেষ ভাবে আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰে ৷

উদ্যমিতা উৎসাহ সন্মিলণত সমল ব্যক্তি হিচাবে বঙাইগাঁও চহৰৰ বিশিষ্ট শিশু বিশেষজ্ঞ তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ডা: ইতিশ বৰদলৈয়ি উপস্থিত থাকি দক্ষতাবিকাশ, কৰ্মসংস্থাপন, উৎদ্যমিতা,প্ৰশিক্ষণ আদিৰ ওপৰত পৰ্যালোচনা কৰে ৷ উল্লেখ্য যোৱা ১৫ জুলাই বিশ্ব যুৱ দক্ষতা দিৱসৰ পৰা কাইলৈ ২১ আগষ্টত “ বিশ্ব উদ্যমিতা দিৱস”ৰ লগত সংগতি ৰাখি চহৰৰ বিভিন্ন বিদ্যালয়ত এইদৰে উৎদ্যমিতা উৎসাহ সন্মিলন অনুষ্ঠিত কৰি অহা হৈছে বুলি প্ৰকাশ কৰে স্বাৱলম্বী ভাৰত অভিযানৰ বঙাইগাঁৱৰ সমন্বয়ক অৰ্জুন বৰ্মনে ৷

অনুষ্ঠানত আই টি আইৰ অধ্যক্ষ ৰাজু গোপাল সমিন্বিতে প্ৰতিষ্ঠানখনৰ অন্যান্য শিক্ষক সকল তথা ছাত্ৰছাত্ৰী সকল উপস্থিত থাকে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৭ আগষ্টত বঙাইগাঁৱৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮ আগষ্টত টেঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্যমিতা উৎসাহ সন্মিলন অনুষ্ঠিত কৰা হয় ৷