বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত বিশ্ব আৱাস দিৱস উদযাপন

Bokakhat JDSG College

‘দ্যা ইনষ্টিটিউশ্যন অব ইঞ্জিনীয়াৰ্ছ ইণ্ডিয়া’ৰ উজনি অসম কেন্দ্ৰৰ উদ্যোগত বোকাখাতৰ মঙ্গলম নামৰ বেচৰকাৰী সংগঠন আৰু বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ সহযোগত আজি মহাবিদ্যালয়খনত বিশ্ব আৱাস দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে আজি মহবিদ্যায়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মিউনিচিপাল চলিড ৱেষ্ট মেনেজমেন্ট বিষয়ক এক আলোচনাচক্ৰ উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে।

দ্যা ইনষ্টিটিউশ্যন অব ইঞ্জিনীয়াৰ্ছ ইণ্ডিয়াৰ সভাপতি অমিতাভ দাস গুপ্তাই আদৰণী ভাষণ দিয়া আলোচনাচক্ৰত কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী অধ্যাপক ড০ প্ৰদীপ শৰ্মা, বেচৰকাৰী সংগঠন আৰণ্যকৰ গৱেষক ড০ পাৰ্থ জ্যোতি দাস আৰু নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰত্যশী ফুকনে সচিত্ৰ উপস্থাপনেৰে বিষয়-বস্তুৰ ওপৰত মনোজ্ঞ আলোচনা আগবঢ়ায়।

আজিৰ উক্ত অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জে ডি এছ জি মহাবিদ্যালয়ৰ উপাধ্যক্ষ মানসী ফুকন, সহকাৰী অধ্যাপক গোপিকানন্দ শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি অখিল বৰুৱা, প্ৰাক্তন অধ্যক্ষ ড০ বাবুলাল মোৰ আৰু দ্যা ইনষ্টিটিউশ্যন অব ইঞ্জিনীয়াৰ্ছ ইণ্ডিয়াৰ সম্পাদক ৰমেশ চন্দ্ৰ দাস উপস্থিত থাকে।