প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ল’কডাউন ৩ মেলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰিছে বিশ্ব স্বাস্থ্য সংস্থায়।
প্ৰধান মন্ত্ৰী মোদীৰ ল’কডাউন বৃদ্ধিৰ সিদ্ধান্তক প্ৰশাংসা কৰি বিশ্ব স্বাস্থ্য সংস্থাই কয়, ‘‘ভাৰতৰ সিদ্ধান্ত কঠিন আৰু সময়পোযোগী।’’
‘‘বিভিন্ন প্ৰত্যাহ্বান থকাৰ পাছতো ভাৰতে ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুদ্ধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে,’’ বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ এছিয়াৰ সচিৱ ড০ পুনম ক্ষেত্ৰপাল সিঙে কয়।
উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতে প্ৰথম পৰ্যায়ত ঘোষণা কৰা ২১ দিনীয়া ল’কডাউনৰ সিদ্ধান্তকো বিশ্ব স্বাস্থ্য সংস্থায় প্ৰশংসা কৰিছিল।
আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী প্ৰতিষেধক প্ৰস্তুত নহোৱা পৰ্যন্ত সামাজিক দূৰত্ব বজাই ৰখাকে আটাইতকৈ গ্ৰহণ যোগ্য পদক্ষেপ হিচাপে অভিহিত কৰিছে।
আজি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত চলি থকা ২১ দিনীয়া ল’কডাউনক ৩ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি ২০ এপ্ৰিলৰ পৰা অঞ্চলভেদে পৰিস্থিতি অধ্যয়ণ কৰি ল’কডাউন কিছু পৰিমাণে শিথিল কৰি দিয়া হ’ব পাৰে বুলিও উল্লেখ কৰিছিল।