NORTHEAST NOW (Assamese)

যুৱশক্তিৰ প্ৰয়োজনীয়তা পুৰণৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ জৰীপ 

July 9, 2023 7:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 9, 2023 10:52 pm

সম্প্ৰতি বিশ্বৰ জনসংখ্যাৰ গৰিষ্ঠসংখ্যকেই হৈছে যুৱ প্ৰজন্ম। কিন্তু বিভিন্ন আঁচনি বা পদক্ষেপৰ যথাযথ কাৰ্যকৰীৰ অভাৱত প্ৰায়ে নিজৰ প্ৰয়োজনীয়তা পুৰণৰ ক্ষেত্ৰত ব্যৰ্থ হয় যুৱপ্ৰজন্মৰ লোকসকল।

সেইকাৰণে যুৱশক্তিৰ সমস্যা সমূহৰ বিষয়ে জানিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই ‘১ পইণ্ট ৮ বিলিয়ন’ আৰম্ভ কৰিছে এক বিশেষ জৰীপ।

এই জৰীপৰ উদ্দেশ্য হ’ল ১৬ ৰ পৰা ২৪ বছৰ বয়সৰ যুৱচামে তেওঁলোকে নিজৰ ভালৰ বাবে কি বিচাৰে সেয়া জানিবলৈ চেষ্টা কৰা। যুৱ প্ৰজন্মৰ মুখেৰে তেওঁলোকৰ ইচ্ছা আৰু আগ্ৰহসমূহৰ বিষয়ে জনাটোৱেই হৈছে ‘১ পইণ্ট ৮ বিলিয়ন’ৰ মূল উদ্দেশ্য । 

অসমত দৃষ্টি ‘এ কুইয়েৰ কালেক্টিভ’ৰ  সদস্য নৱজ্যোতি হাজৰিকা আৰু দৰ্শনা হাজৰিকাই ‘ৱাই পী ফাউণ্ডেছন’ৰ উদ্যোগত এই জৰীপৰ কাম কৰি আছে। বৰ্তমান তেওঁলোকে অসমৰ যুৱক-যুৱতী সকলৰ লগ হৈ এই জৰীপটো সম্পূৰ্ণ কৰাৰ বাবে কাম কৰি গৈছে।

তেওঁলোকৰ এই কাৰ্যই অসমৰ অস্থিৰ যুৱ প্ৰজন্মটোলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। এই জৰীপৰ প্ৰতিবেদনৰ ভিত্তিত ভৱিষ্যতে যুৱক-যুৱতীসকলৰ সমস্যাসমূক সমাধান পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষভাবে সহায় কৰিব বুলি আশা কৰা হৈছে।

Related News