NORTHEAST NOW (Assamese)

গা ধুৱাই কাল হ’ল নেকি! বিশ্বৰ আটাইতকৈ অপৰিষ্কাৰ ব্যক্তিগৰাকীৰ মৃত্যু

October 26, 2022 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বৰ ভিতৰতে আটাইতকৈ অপৰিষ্কাৰ ব্যক্তি হিচাপে পৰিচিত ইৰানী নাগৰিক অমৌ হাজীৰ মৃত্যু হৈছে। অৰ্ধ শতিকাৰো অধিক সময় ধৰি গা নোধোৱাকৈ থকা হাজীয়ে ৯৪ বছৰ বয়সত প্ৰাণ ত্যাগ কৰিছে।

আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি যোৱা ২৩ অক্টোবৰত ইৰাণৰ দক্ষিণ প্ৰদেশ ফাৰ্ছৰ দেজগাহ গাঁৱত শেষ নিশ্বাস ত্যাগ কৰে হাজীয়ে।

পানীলৈ ভয় কৰা হাজীয়ে বিগত ৬৫ টা বৰ্ষত এবাৰৰ বাবেও গা ধোৱা নাছিল। পৰিষ্কাৰ পৰিচ্ছন্নতাই তেওঁক অসুস্থ কৰি তুলিব বুলি বিশ্বাস কৰা হাজীয়ে সেয়ে শৰীৰত পানী আৰু চাবোনৰ ব্যৱহাৰ এৰাই চলিছিল।

 

অবিবাহিত হাজীয়ে এটা খোলা ইটাৰ কুটিত অকলে বাস কৰিছিল। প্ৰকাশিত এক প্ৰতিবেদনত হাজীয়ে জীৱিত কালত জন্তুৰ কেঁচা মাংস আৰু জন্তুৰ মল-মূত্ৰ খাদ্য হিচাপে গ্ৰহণ কৰিছিল বুলিও দাবী কৰা হৈছে।

হাজীৰ এই অনন্য অভিলেখৰ বাবে তেওঁৰ জীৱনৰ আধাৰত ২০১৩ চনত ‘দ্য ষ্ট্ৰেঞ্জ লাইফ অফ আমৌ হাজী’ শীৰ্ষক এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল।

অৱশ্যে কেইমাহমান পূৰ্বে গাওঁবাসীয়ে হাজীক প্ৰথমবাৰৰ বাবে গা ধুবলৈ বাধ্য কৰিছিল। গা ধোৱাৰ কেইমাহমান পিছতে হাজীৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া ব্যাপক চৰ্চাৰো আৰম্ভ হৈছে।

Related News