NORTHEAST NOW (Assamese)

প্ৰথমবাৰৰ বাবে সম্পন্ন হ’ল বিশ্বৰ আটাইতকৈ ডাঙৰ ইলেকট্ৰিক বিমানৰ সফল উৰণ

May 30, 2020 8:31 am · এন ই নাও নিউজ
ইলেকট্ৰিক বিমান ই কেৰাৱন।

বিশ্বৰ আটাইতকৈ ডাঙৰ ইলেকট্ৰিক বিমানে প্ৰথমবাৰৰ বাবে ইয়াৰ সফল উৰণ সম্পন্ন কৰিছে।

আমেৰিকাৰ এটা ষ্টাৰ্টআপ কোম্পানীয়ে এই বিমান নিৰ্মাণ কৰিছে। ৩৭ ফুট দীঘল এই বিমানত ৯জন যাত্ৰী বহিব পাৰে।

আমেৰিকাত প্ৰথমবাৰ সম্পন্ন হোৱা এই বিমানৰ উৰণৰ সময়ত বিমানখন ৩০ মিনিট ধৰি আকাশমাৰ্গত থাকে।

এই বিমানখনৰ নাম হৈছে ই কেৰাৱন(eCaravan)।

আমেৰিকাৰ ষ্টাৰ্টআপ কোম্পানী মেগ্নিক্স(MagniX) য়ে এই ই কেৰাৱন বিমান নিৰ্মাণ কৰাৰ পাছত এৰ’স্পেছ ইঞ্জিনিয়াৰিং কোম্পানী এৰ’টেকে কিছু সালসলনি ঘটাইছে।

২৮ মে’ত বিমানখনৰ সফল উৰণ সম্পন্ন হয়। ই কেৰাৱনৰ ইলেকট্ৰিক মটৰৰ পৰা ৭৫০হৰ্ছপাৱাৰ শক্তি জেনেৰেট হয় যাৰ দ্বাৰা বিমানখন আকাশত উৰে।

মেগ্নিক্সে জানিবলৈ দিয়ে যে বিমানৰ পৰা প্ৰদূষণ নোহোৱাটো নিশ্চিত কৰিবলৈ এনেকুৱা বিমান কম দূৰত্বৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।

ইয়াৰ পূৰ্বে কোম্পানীটোৱে এখন ৬খন আসনযুক্ত ইলেকট্ৰিক বিমানৰ সফল উৰণ কানাডাৰ ৱেংকুৱৰত সম্পন্ন কৰিছিল।

সেইখন হাৰ্বাৰ এয়াৰৰ বিমান আছিল আৰু ১৫ মিনিট ধৰি আকাশত উৰিছিল। হাৰ্বাৰ এয়াৰৰ এই বিমান সাধাৰণতে সাগৰ, নদীৰ পাৰত থকা চহৰক বিমানেৰে সংযোগ কৰাৰ বাবে ব্যৱহাৰ হয়।

ই কেৰাৱন এবাৰত ১৬০ কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে। ইয়াৰ সৰ্বোচ্চ গতি হৈছে  প্ৰতি ঘন্টাত ১৮৩ কিলোমিটাৰ।

কোম্পানীটোৱে জানিবলৈ দিয়া মতে ২০২১ৰ শেহৰপিনলৈ বিমান সেৱা কোম্পানীসমূহে এই বিমান লাভ কৰিব।

Related News