DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে সম্পন্ন হ’ল বিশ্বৰ আটাইতকৈ ডাঙৰ ইলেকট্ৰিক বিমানৰ সফল উৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 8:31 am
1006_052920052130 magnix

ইলেকট্ৰিক বিমান ই কেৰাৱন।

3.7k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ ডাঙৰ ইলেকট্ৰিক বিমানে প্ৰথমবাৰৰ বাবে ইয়াৰ সফল উৰণ সম্পন্ন কৰিছে।

আমেৰিকাৰ এটা ষ্টাৰ্টআপ কোম্পানীয়ে এই বিমান নিৰ্মাণ কৰিছে। ৩৭ ফুট দীঘল এই বিমানত ৯জন যাত্ৰী বহিব পাৰে।

আমেৰিকাত প্ৰথমবাৰ সম্পন্ন হোৱা এই বিমানৰ উৰণৰ সময়ত বিমানখন ৩০ মিনিট ধৰি আকাশমাৰ্গত থাকে।

এই বিমানখনৰ নাম হৈছে ই কেৰাৱন(eCaravan)।

আমেৰিকাৰ ষ্টাৰ্টআপ কোম্পানী মেগ্নিক্স(MagniX) য়ে এই ই কেৰাৱন বিমান নিৰ্মাণ কৰাৰ পাছত এৰ’স্পেছ ইঞ্জিনিয়াৰিং কোম্পানী এৰ’টেকে কিছু সালসলনি ঘটাইছে।

২৮ মে’ত বিমানখনৰ সফল উৰণ সম্পন্ন হয়। ই কেৰাৱনৰ ইলেকট্ৰিক মটৰৰ পৰা ৭৫০হৰ্ছপাৱাৰ শক্তি জেনেৰেট হয় যাৰ দ্বাৰা বিমানখন আকাশত উৰে।

মেগ্নিক্সে জানিবলৈ দিয়ে যে বিমানৰ পৰা প্ৰদূষণ নোহোৱাটো নিশ্চিত কৰিবলৈ এনেকুৱা বিমান কম দূৰত্বৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।

ইয়াৰ পূৰ্বে কোম্পানীটোৱে এখন ৬খন আসনযুক্ত ইলেকট্ৰিক বিমানৰ সফল উৰণ কানাডাৰ ৱেংকুৱৰত সম্পন্ন কৰিছিল।

সেইখন হাৰ্বাৰ এয়াৰৰ বিমান আছিল আৰু ১৫ মিনিট ধৰি আকাশত উৰিছিল। হাৰ্বাৰ এয়াৰৰ এই বিমান সাধাৰণতে সাগৰ, নদীৰ পাৰত থকা চহৰক বিমানেৰে সংযোগ কৰাৰ বাবে ব্যৱহাৰ হয়।

ই কেৰাৱন এবাৰত ১৬০ কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে। ইয়াৰ সৰ্বোচ্চ গতি হৈছে  প্ৰতি ঘন্টাত ১৮৩ কিলোমিটাৰ।

কোম্পানীটোৱে জানিবলৈ দিয়া মতে ২০২১ৰ শেহৰপিনলৈ বিমান সেৱা কোম্পানীসমূহে এই বিমান লাভ কৰিব।

Recent News

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd