“মই ১২৯ টা সন্তানৰ পিতৃ” – এক বিশেষ ব্যক্তিৰ আজৱ দাবী!

World's most prolific sperm donor

কেইবছৰমানৰ পূৰ্বে এখন বলিউডী চিনেমাই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। চিনেমাখনৰ নাম আছিল ‘ভিকী ডনৰ’। নিজৰ বীৰ্য বিক্ৰীৰে জীৱিকা অৰ্জন কৰা এজন যুৱকৰ কাহিনীৰে চিনেমাখন নিৰ্মাণ কৰা হৈছিল।

ভিকী ডনৰৰ দৰেই বাস্তৱতো পোৱা গৈছে এনেধৰণৰ এটা বাতৰি। বাতৰিটো হৈছে ইংলেণ্ডৰ এজন অৱসৰপ্ৰাপ্ত অংক শিক্ষকৰ।

৬৬ বৰ্ষীয় ক্লাইভ জ’নছ নামৰ এই অংক মাষ্টৰজনে দাবী কৰিছে যে তেওঁ বিশ্বৰ আটাইতকৈ শক্তিশালী বীৰ্য দান কৰোতা লোক। ইতিমধ্যে বিশ্বজুৰি ১২৯ টাকৈ সন্তানৰ পিতৃ হৈছে তেওঁ।

ইয়াৰোপৰি আৰু ৯ টা সন্তান ইতিমধ্যে জন্ম লাভৰ বাবে অগ্ৰসৰ হৈ আছে বুলি দাবী কৰে জ’নছে। ইংলেণ্ডৰ আগশাৰীৰ সংবাদপত্ৰ ডেইলী মেইলত জ’নছে কৰা এই দাবীৰ পাছতে খলকনি লাগিছে।

সংবাদপত্ৰখনত প্ৰকাশ পোৱা মতে, জ’নছে ফেচবুক যোগে যোগাযোগ কৰি বিনামূলীয়াকৈ এই বীৰ্য দান কৰি আহিছে। যোৱা এক দশকধৰি এই সেৱাত তেওঁ জড়িত হৈ আছে।

তেওঁ এই সেৱা আৰু কেইবা বছৰলৈও কৰি যাবলৈ ইচ্ছুক বুলিও জনায়। এইক্ষেত্ৰত তেওঁ এটা লক্ষ্যও নিৰ্ধাৰণ কৰি লৈছে। সেয়া হৈছে- মুঠ ১৫০ টাকৈ সন্তানৰ পিতৃ হোৱা!

যোৱা ৯ বছৰ ধৰি তেওঁ মানুহৰ সুখৰ বাবেই এই কাম কৰি যাবলৈ উদগনি লাভ কৰিছে জ’নছে। প্ৰতি মাহে তেওঁৰ সৈতে বিশ্বৰ কেইবাটাও পৰিয়ালে যোগাযোগ কৰে বুলি তেওঁ সাংবাদিকক জনাইছে।

আনহাতে, নিজৰ বীৰ্য দানেৰে সন্তানহীন দম্পতিসমূহৰ মুখত হাঁহি বিৰিঙোৱা জ’নছৰো নিজা এটা পৰিয়াল আছে। তেওঁৰ নিজাকৈও আছে তিনিটাকৈ সন্তান।

অৱশ্যে বীৰ্য দানেৰে নিজকে সন্তানহীন দম্পতিসকলক সহায় কৰি অহা বুলি দাবী কৰিলেও ইয়াক সহজে ল’ব পৰা নাই ইংলেণ্ডৰ চিকিৎসা সংস্থাসমূহে। এইক্ষেত্ৰত দেশখনৰ Human Fertilisation and Embryology Authorityয়ে জনছলৈ এখনি জাননি জাৰি কৰিছে।

জাননীখনত কোৱা হৈছে যে বীৰ্যদান কৰাৰ সময়ত যাতে তেওঁ এখন অনুজ্ঞাপ্ৰাপ্ত ক্লিনিকত ভালদৰে পৰীক্ষা কৰি লয়। অন্যথা বীৰ্যদান সম্পৰ্কীয় আইনসমূহ ভংগ কৰাৰ সম্ভাৱনাই দেখা দিব পাৰে।