NORTHEAST NOW (Assamese)

কোন হ’ব কুবেৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰী! পাঁচ সন্তানৰ ‘অডিচন’ গ্ৰহণ বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি বাৰ্নাৰ্ডৰ

April 26, 2023 9:31 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা বৰ্ষৰ শেষৰফালে টেছলাৰ চিইঅ’ ইলন মাস্কক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছিল লুই ভিটনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বাৰ্নাৰ্ড আৰ্নল্ট। ব্লুমবাৰ্গ বিলিয়নাৰ শেহতীয়া সূচকাং অনুসৰি যোৱা ১৯ এপ্ৰিলত ২০৮ বিলিয়ন ডলাৰ সম্পত্তিৰে এই স্থান অক্ষুণ্ণ ৰাখিছে বাৰ্ণাডে।

৭৪ বছৰীয়া ধনকুবেৰ গৰাকীয়ে তেওঁৰ পিছত এই বিশাল সম্পত্তিৰ কুবেৰ সাম্ৰাজ্য কোনে চম্ভালিব, সেয়া নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। জানিব পৰা মতে, বাৰ্নাডে প্ৰতি মাহতে এবাৰকৈ মুখ্য কাৰ্যালয়ৰ ব্যক্তিগত ডাইনিং ৰুমৰ ভিতৰত নিজৰ পাঁচ সন্তানৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি, এই বিশেষ দিনটোৰ দুপৰীয়াৰ আহাৰ ৯০ মিনিটৰ বাবে হয় আৰু আৰম্ভণিতে ফৰাচী কোটিপতিগৰাকীয়ে আলোচনাৰ বিষয়সমূহ পাঁচ সন্তানৰ আগত পঢ়ি শুনোৱাৰ পিছতে তেওঁৰ বিলাসী ব্যৱসায়িক সাম্ৰাজ্যৰ নানা কৌশলৰ বিষয়ে আলোচনা কৰে।

ইয়াৰ পিছতে আৰ্নল্টে তেওঁৰ পাঁচ সন্তানৰ পৰা ব্যৱসায়িক পৰামৰ্শ বিচাৰে বুলি প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰাই ধনকুবেৰ আৰ্নল্টে তেওঁৰ এই বিশাল কুবেৰ সাম্ৰাজ্যৰ উত্তৰাধিকাৰী কোন হ’ব তথা কোনগৰাকী সন্তানে ফলপ্ৰসূভাৱে এই সাম্ৰাজ্য আগবঢ়াই নিব পাৰে, সেয়া নিশ্চিত কৰাৰ মানসেৰে অডিচন গ্ৰহণ কৰে।

অৱশ্যে বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তিগৰাকীয়ে কাক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰিব, তাৰ কোনো ইংগিত দিয়া নাই। মাথোঁ যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে উত্তৰাধিকাৰী নিৰ্বাচিত কৰা হ’ব বুলি উল্লেখ কৰিছে আৰ্নল্টে। উল্লেখ্য যে, আৰ্নল্টে নিজ সন্তানকো কোম্পানীটোৰ ভিতৰতে গুৰুত্বপূৰ্ণ পদবীত নিযুক্তি দিছে।

Related News