• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনৱ উদ্ভাৱণ! চাউলৰ দানাতকৈও সৰু পেচমেকাৰ প্ৰস্তুত কৰি উলিয়ালে বিজ্ঞানীসকলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 1:58 pm
174
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে চাউলৰ দানাতকৈও সৰু পেচমেকাৰ উদ্ভাৱণ কৰিছে। এইটো মাত্ৰ ৩.৫ মিলিমিটাৰ দীঘল, ১.৮ মিলিমিটাৰ বহল আৰু প্ৰায় ১ মিলিমিটাৰ ডাঠ।

বিজ্ঞানীসকলে দাবী কৰিছে যে এই পেচমেকাৰটো আকাৰত সৰু হ’লেও বৰ্তমান ব্যৱহৃত পেচমেকাৰৰ দৰেই কাম কৰিব পাৰে।

বিজ্ঞানীসকলে কয় যে ইয়াক প্ৰথমে জন্মগত হৃদৰোগ থকা শিশুৰ বাবে ডিজাইন কৰা হৈছিল। গৱেষক জন এ ৰজাৰ্ছে কয়, “আমাৰ জানিব পৰা মতে এইটো পৃথিৱীৰ আটাইতকৈ সৰু পেচমেকাৰ। শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰত ইয়াক সহজে ব্যৱহাৰ কৰিব পৰা যায়, য’ত অস্থায়ী পেচমেকাৰৰ প্ৰয়োজন হয়।”

বৰ্তমান ব্যৱহৃত বৃহৎ পেচমেকাৰবোৰ শৰীৰত স্থাপন কৰিবলৈ অস্ত্ৰোপচাৰৰ দ্বাৰা হৃদযন্ত্ৰৰ পেশীত ইলেক্ট্ৰ’ড চিলাইৰ কৰিবলগীয়া হয়। আৰু প্ৰয়োজন শেষ হ’লে পুনৰ আঁতৰাই পেলাব লাগে, যাৰ ফলত বহুসময়ত প্ৰায়ে ক্ষতি হয়। কিন্তু এই নতুন সৰু পেচমেকাৰটোত ইয়াৰ প্ৰয়োজন নাই—ব্যৱহাৰৰ পিছত ই নিজে শৰীৰৰ ভিতৰত দ্ৰৱীভূত হৈ যাব।

কাৰ্ডিঅ’লজিষ্ট ইগ’ৰ য়েফিমভে কয়, “প্ৰায় ১ শতাংশ শিশু জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত হয়। ইয়াৰে বহুতকে অস্থায়ী পেচমেকাৰৰ প্ৰয়োজন হয়। এই সৰু পেচমেকাৰ ব্যৱহাৰ কৰিলে আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব।”

জানিব পৰা গৈছে যে এই পেচমেকাৰটোৰ লগত এটা গেলভানিক চেল সংলগ্ন হৈ থাকে, যিটো চাৰিওফালৰ জৈৱিক তৰল পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেই সক্ৰিয় হৈ পৰে। ইয়াৰ পিছত ইলেক্ট্ৰ’ড বেটাৰীত পৰিণত হৈ ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে হৃদযন্ত্ৰলৈ প্ৰয়োজনীয় বৈদ্যুতিক প্ৰবাহ প্ৰদান কৰে। ইয়াৰ উপৰিও ইনফ্ৰাৰেড পোহৰ তৰংগ ব্যৱহাৰ কৰি ইয়াক সহজ আৰু নিৰাপদে শৰীৰত প্ৰতিস্থাপন কৰিব পাৰি।

Recent News

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

বিশ্বৰ বজাৰত খলকনি অসমৰ মাৰকুলিনৰ জৈৱিক আনাৰসৰ, ৰপ্তানি হ’ল ১ হাজাৰ মেট্ৰিকটন আনাৰস

বিশ্বৰ বজাৰত খলকনি অসমৰ মাৰকুলিনৰ জৈৱিক আনাৰসৰ, ৰপ্তানি হ’ল ১ হাজাৰ মেট্ৰিকটন আনাৰস

ভুল স্বীকাৰ কৰিলে যদিও ক্ষমা খোজাৰ পৰা বিৰত থাকিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কি ক’লে সামাজিক মাধ্যমত?

ভুল স্বীকাৰ কৰিলে যদিও ক্ষমা খোজাৰ পৰা বিৰত থাকিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কি ক’লে সামাজিক মাধ্যমত?

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

সংখ্যালঘুৰ বিৰুদ্ধে অপৰাধ তুংগত; মোডীৰ ভাৰতত যোৱা এবছৰৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd